ETV Bharat / state

তিনি বছৰ আগতেই হ’ল বিচ্ছেদ; এতিয়া ভাইৰেল হৈছে ভিডিঅ’

author img

By

Published : Aug 2, 2021, 12:20 PM IST

তিনি বছৰ পূৰ্বে বিফল হৈ যৱনিকা পৰিছিল এটা প্ৰেমৰ সম্পৰ্কৰ ৷ কিন্তু, এতিয়া সমুখলৈ আহিছে এটা ভাইৰেল হৈছে এটা অসংযত ভিডিঅ’ ৷ তাৰ পিছত কি হ’ল জানো আহক ৷

inappropriate-viral-video-creating-controversy-in-nagaon
তিনি বছৰ আগতেই হ’ল বিচ্ছেদ: এতিয়া ভাইৰেল হৈছে ভিডিঅ’

নগাঁও, 2 আগষ্ট : কাহিনীৰ নায়ক নগাঁৱৰ হয়বৰগাঁও অঞ্চলৰ হুজগাঁৱৰ যুৱক বিপ্লৱ ৷ একেগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে তিনি বছৰ পূৰ্বে হিয়া-দিয়া-নিয়াৰ খেল খেলিছিল বিপ্লৱে ৷ পিছে প্ৰেমৰ এই সম্পৰ্ক বেছি দিন নিটিকিল ৷ প্ৰায় তিনি বছৰ পূৰ্বে যৱনিকা পৰিল এই প্ৰেমৰ ৷

পিছে শেষ বুলিলেইতো শেষ নহয়, পুনৰ চৰ্চালৈ আহিল এই সম্পৰ্ক ৷ শেহতীয়াকৈ, নিজৰ একালৰ প্ৰেমিকাৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল(inappropriate viral video) কৰাৰ অভিযোগ উঠিল বিপ্লৱৰ বিৰুদ্ধে ৷ এই লৈ এতিয়া তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে নগাঁৱৰ হয়বৰ গাঁও অঞ্চলত ৷ বিপ্লৱৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীৰ সহায় লৈছে যুৱতী গৰাকীয়ে ৷

পিছে, কাহিনী ইমানতেই সমাপ্ত হোৱা নাই যুৱতী গৰাকীৰ এই অভিযোগ পোনচাটেই নাকচ কৰিছে বিপ্লৱে ৷ এক গভীৰ ষড়যন্ত্ৰ কৰি নিজেই নিজৰ ভিডিঅ’ প্ৰস্তুত কৰি (conspiracy by creating self video) বিপ্লৱ দাস নামৰ যুৱকজনক বলিৰ পঠা সজোৱাৰ প্ৰতি অভিযোগ উত্থাপন কৰিলে যুৱকজনে ৷ পুৰণি প্ৰেমে এই পৰিণতি লোৱাত স্বাভাৱিকতেই অঞ্চলবাসীৰ মনত সৃষ্টি হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ৷

তিনি বছৰ আগতেই হ’ল বিচ্ছেদ: এতিয়া ভাইৰেল হৈছে ভিডিঅ’

ইতিমধ্যে, যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত যুৱকজনক । এতিয়া একেখন গাঁৱৰ যুৱক-যুৱতী দুগৰাকীৰ অভিযোগ প্ৰতি অভিযোগৰ মাজত কোন সঁচা কোন মিছা তাকলৈও বিপাঙত পৰিছে গাঁওবাসী ৷ অৱশ্যে, আৰক্ষীৰ তদন্তত উৰহী গছৰ ওৰ ওলাব বুলি সকলোৱে মতপোষণ কৰিছে ৷

লগতে পঢ়ক : নাবালিকাক অপহৰণ কৰিবলৈ গৈ আৰক্ষীৰ জালত চাৰি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.