ETV Bharat / state

Nagaon Road Accident: বল ব'মৰ যাত্ৰী কঢ়িওৱা বাহনৰ খুন্দত নিহত স্কুটি আৰোহী

author img

By

Published : Aug 14, 2023, 2:04 PM IST

Nagaon Road Accident
বল ব'মৰ যাত্ৰী কঢ়িওৱা বাহনৰ খুন্দত নিহত স্কুটি আৰোহী

নিশা নগাঁৱৰ মৰিকলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বল ব'মৰ যাত্ৰী কঢ়িওৱা বাহনে মহটিয়াই নিলে স্কুটি আৰোহীক ৷ দুৰ্ঘটনাত নিহত এজন স্কুটি আৰোহী, আহত আন এজন ৷ নিহত লোকজন পলাশনিৰ নৱ কেওঁট বুলি জানিব পৰা গৈছে ৷

বল ব'মৰ যাত্ৰী কঢ়িওৱা বাহনৰ খুন্দত নিহত স্কুটি আৰোহী

নগাঁও,14 আগষ্ট: দেওবাৰে নিশা নগাঁৱৰ মৰিকলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বল ব'মৰ যাত্ৰী কঢ়িওৱা বাহনে মহটিয়াই নিলে স্কুটি আৰোহীক ৷ ফলত নিহত হয় এজন স্কুটি আৰোহী ৷ ঘটনা অনুসৰি নিশা বল ব'মৰ যাত্ৰী লৈ উভতি অহাৰ পথতে বল ব'মৰ যাত্ৰী কঢ়িওৱা এখন মিনি ট্ৰাকে মহতিয়াই নিয়ে দুই স্কুটি আৰোহীক । ফলত থিতাতে নিহত হয় স্কুটি চালক নৱ কেওঁট । আনহাতে দুৰ্ঘটনাত আহত হয় জয়ন্ত শইকীয়া নামৰ স্কুটি আৰোহীজন ৷

নিহত নৱ কেওঁটৰ ঘৰ পলাশনিত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত আহত হোৱা জয়ন্ত শইকীয়াক নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । ইপিনে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে মিনিট ট্ৰাকখনৰ চালক । অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা মিনি ট্ৰাকখন । ট্ৰাকখনৰ নম্বৰ AS 02BC 3160 । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বল ব'মৰ যাত্ৰী কঢ়িওৱা মিনি ট্ৰাকখনৰ চালকজনে সুৰাপান কৰিছিল, যাৰ বাবে এই দুৰ্ঘটনা হ’ল ৷

বল ব'মৰ নামত একাংশ লোকৰ উদ্ভণ্ডালিয়ে চৰ্চা লাভ কৰে ৷ দেওবাৰে নিশা কঠিয়াতলীৰ ৰাষ্ট্ৰীয় ঘাইপথত বল ব'ম দলৰ বাবে আৱদ্ধ হৈ পৰিছিল ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চ ৷ বাৰে বাৰে অসহায় ৰোগীৰ আত্মীয়ই সহায় বিচাৰিছিল বল ব'ম দলৰ পৰা ৷ কিন্তু সাংবাদিৰৰ তৎপৰতাহে ৰোগীক চিকিৎসালয়লৈ নিবলৈ সক্ষম হৈছিল ৷ ভক্তিৰ নামত মানৱীয়তা হেৰাই গৈছে নেকি ! এফালে যদি বল ব'মৰ ভক্তই ড্ৰাগছ সেৱন কৰা দৃশ্য বন্দী হৈছিল ৷

লগতে পঢ়ক:Nagaon Fire incident: নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড; কেইবালক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.