ETV Bharat / state

কি কামৰ বাবে নগাঁও জিলা প্ৰশাসনক ধন্যবাদ জনালে স্বাস্থ্যমন্ত্ৰীয়ে ?

author img

By

Published : May 29, 2021, 4:04 PM IST

নগাঁওৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডত স্থাপন কৰা ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ শনিবাৰে শুভাৰম্ভ কৰা হয় ৷ উক্ত অক্সিজেনযুক্ত বিচনাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

health minister Visited nagaon
কি কামৰ বাবে নগাঁও জিলা প্ৰশাসনক ধন্যবাদ জনালে স্বাস্থ্যমন্ত্ৰীয়ে ?

নগাঁও, ২৯ মে' : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ ৰাজ্যৰ বিভিন্ন জিলাত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমিতৰ লগতে মৃত লোকৰ সংখ্যাও ৷ তৎসত্বেও কৰ’ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যৰে তৎপৰ হৈছে ৰাজ্য চৰকাৰ ৷

health minister Visited nagaon
কি কামৰ বাবে নগাঁও জিলা প্ৰশাসনক ধন্যবাদ জনালে স্বাস্থ্যমন্ত্ৰীয়ে ?

ক'ভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসাজনীত সুবিধাৰ বাবে নগাঁওৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডত স্থাপন কৰা ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ শনিবাৰে শুভাৰম্ভ কৰা হয় ৷ উক্ত অক্সিজেনযুক্ত বিচনাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

উল্লেখ্য যে, মাত্ৰ ১৪ দিনৰ ভিতৰতে এই কাৰ্য সম্পন্ন কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে নগাঁও জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে । শনিবাৰৰ এই কাৰ্যসূচীত মন্ত্ৰী গৰাকীক সংগ দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) প্ৰশান্ত বৰুৱা আৰু জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলে ।

লগতে পঢ়ক: তিতাবৰত বনৰজাৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.