ETV Bharat / state

Har Ghar Dastak : নগাঁৱত টীকাকৰণ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ বিশেষ পৰ্যালোচনা বৈঠক

author img

By

Published : Nov 18, 2021, 8:30 AM IST

"Har Ghar Dastak" অভিযানৰ অধীনত নগাঁও জিলাত প্ৰত্যেককেই প্ৰথম পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ ৰাজ্য চৰকাৰৰ ৷ বুধবাৰে টীকাকৰণৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে ৷

keshab mahanta discussing  with nagaon administration about covid vaccine
নগাঁৱত কেশৱ মহন্তৰ ক’ভিড প্ৰতিষেধককলৈ আলোচনা

নগাঁও, 18 নৱেম্বৰ : ক’ভিডৰ মাত্ৰা আংশিকভাৱে কমিছে যদিও বৰ্তমানো ই শেষ হৈ যোৱা নাই ৷ কিন্তু এই মহামাৰীৰ পৰা সম্পূৰ্ণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত আছে টীকাকৰণ ব্যৱস্থা ৷ কেন্দ্ৰীয় চৰকাৰৰ "Har Ghar Dastak" টীকাকৰণ অভিযানৰ অধীনত অসম চৰকাৰেও ৰাইজক সজাগ কৰিবৰ বাবে বিভিন্ন পন্থা হাতত লৈছে ৷ সমগ্ৰ ৰাজ্যতে এই পৰ্যন্ত ক’ভিড প্ৰতিষেধক ল’বলৈ ৰৈ যোৱা প্ৰতিজনেই যাতে প্ৰথম পালি ক’ভিড প্ৰতিষেধক (Covid Vaccine) ল’ব পাৰে সেইবিষয়ত গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

health minister keshab mahanta was in nagaon
নগাঁও জিলাত প্ৰত্যেককেই প্ৰথম পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ ৰাজ্য চৰকাৰৰ

এই উদ্দেশ্যে বুধবাৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নগাঁৱৰ উপাযুক্তৰ কাৰ্যালয়ৰ সভা-কক্ষত জিলাখনৰ ক’ভিড টীকাকৰণ সম্পৰ্কে শেহতীয়া পৰিস্থিতৰ বুজ ল’বলৈ এখনি পৰ্যালোচনা সভাত মিলিত হয় ৷ সভাখনত মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে টীকাকৰণ অভিযানৰ তিনিটা মূল দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি পাহাৰীয়া আৰু চাহবাগানৰ অঞ্চলসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷

টীকাকৰণ সন্দৰ্ভত যাৱতীয় তথ্য আৰু নথিপত্ৰ সমূহ প্ৰস্তুত কৰাৰ লগতে জনসাধাৰণৰ মাজত ধাৰ্মিক ভেদ-ভাৱ আঁতৰ কৰোৱাতো আগ্ৰহ প্ৰকাশ কৰে তেখেতে ৷ সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী পৰিচালক ডাঃ মনোজ চৌধুৰীয়ে টীকাকৰণৰ ওপৰত বহুমূলীয়া ভাষণ প্ৰদান কৰে ৷ উক্ত সভাখনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ উপায়ুক্ত হিৱাৰে নিসৰ্গ গৌতমকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, স্বাস্থ্য আৰু আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷

লগতে চাওক : 3 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ ৰাতাবাৰী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.