ETV Bharat / state

ব্যক্তিগত ধনৰ সাম্ৰাজ্য ফাদিল হোৱাৰ ভয়ত ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰাৰ ষড়যন্ত্ৰ

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 8:28 PM IST

Gaurav Gogoi Slams BJP : ধিঙত কংগ্ৰেছৰ বিশাল কৰ্মীসভাত সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰণ । অসমত গঢ়ি উঠা ব্যক্তিগত ধনৰ সাম্ৰাজ্য ফাদিল হোৱাৰ ভয়ত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰাৰ ষড়যন্ত্ৰ চলিছে ।

ব্যক্তিগত ধনৰ সাম্ৰাজ্য ফাদিল হোৱাৰ ভয়ত ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰাৰ ষড়যন্ত্ৰ
ব্যক্তিগত ধনৰ সাম্ৰাজ্য ফাদিল হোৱাৰ ভয়ত ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰাৰ ষড়যন্ত্ৰ

বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ

নগাঁও, ১২ জানুৱাৰী : দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে সাংগঠনিক তৎপৰতা । সকলো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । তাৰ ব্যতিক্ৰম নহয় কংগ্ৰেছ দলো । ধিং বিধানসভা সমষ্টিৰ বুথ পৰ্যায় আৰু পৃষ্ঠা সেৱকৰ প্ৰশিক্ষণত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

এই সভাত সাংসদ গৌৰৱ গগৈ, ৰাণা গোস্বামী, শিৱামণি বৰাকে প্ৰমুখ্য কৰি বহুকেগৰাকী কংগ্ৰেছ দলৰ নেতাই অংশগ্ৰহণ কৰে । আনহাতে, শুকুৰবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিঙত অনুষ্ঠিত কংগ্ৰেছৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি কেইবাটাও বিস্ফোৰণ ঘটায় সাংসদ গৌৰৱ গগৈয়ে । কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ তথা লোকসভাত কংগ্ৰেছৰ উপনেতা গৌৰৱ গগৈয়ে অসমত ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি চৰকাৰ ।

অসমত গঢ়ি উঠা ব্যক্তিগত ধনৰ সাম্ৰাজ্য ফাদিল হোৱাৰ ভয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বিফল কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হোৱাৰ বিস্ফোৰক অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে । উল্লেখ্য যে এই সভাতেই প্ৰদেশ কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনক কুলক্ষণীয়া চৰকাৰ বুলি‌ অভিহিত কৰি বক্তব্য আগবঢ়ায় ।

আনহাতে, বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রী কাৰ্যালয়ৰ শ্ৰুতলিপি মতে এআইউইডিএফ দলে কাম কৰে বুলি বিজেপি আৰু এআইইউডিএফক সমালোচনা কৰে ।

উল্লেখ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসমত সভা অনুষ্ঠিত কৰিবৰ বাবে খেলপথাৰৰ অনুমতি নিদিয়া, গুৱাহাটীত ৰাহুল গান্ধীৰ যাত্ৰা প্ৰৱেশত অনুমতি নিদিয়া আদি বিষয়ত কংগ্ৰেছে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক :দেশৰ নিৰ্বাচন আয়োগৰ তথ্য বিসংগতিৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.