ETV Bharat / state

ৰহাত কেঁচু খান্দোতে ওলাল সাপ !

author img

By

Published : Sep 11, 2021, 10:42 AM IST

দীৰ্ঘদিন ধৰি ৰহাৰ মোলানকটা অঞ্চলত গৰু চোৰে সন্ত্ৰাস চলাই আহিছে । যাৰ বাবে ৰাইজে নিশা গাঁৱত পহৰাৰ ব্যৱস্থা কৰিছে । পিছে পহৰাদাৰী দলৰ হাতত গৰু চোৰ নহয় ধৰা পৰিল আন অপৰাধীহে ।

Ganja
ৰহাত কেঁচু খান্দোতে ওলাল সাপ

ৰহা, ১১ ছেপ্টেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । নগাঁও আৰক্ষীয়েও প্ৰতিদিনে জিলাখনত অব্যাহত ৰাখিছে অভিযান । ইয়াৰ মাজতে ৰহাৰ মোলানকটাত পাঁচ কিলোগ্ৰাম গাঞ্জাসহ এজন সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে ।

Ganja
ৰহাত গাঞ্জা জব্দ

পুৱতি নিশা মোলানকটাৰ পহৰাদাৰী ৰাইজে প্ৰথমে এখন বাইকসহ কৰায়ত্ব কৰে জুলহাছ আলী নামৰ গাঞ্জা সৰবৰাহকাৰীটোক । গাঞ্জা সৰবৰাহকাৰীটোৰ ঘৰ ৰহাৰ দীঘলীআটিৰ আটিগাঁৱত । জানিব পৰা মতে জুলহাছে AS-০২-V-৬৫৭৯ নম্বৰৰ এখন মটৰ চাইকেলেৰে ৰহাৰ মনিপুৰটুপলৈ লৈ গৈ আছিল গাঞ্জাখিনি ।

কিন্তু মোলানকটাত পহৰাদাৰী দলে জুলহাছক ধৰি সোধা-পোছা কৰাত উদ্ধাৰ হয় গাঞ্জাৰ (Ganja) টোপোলাটো । পিছত ৰাইজে জুলহাছক ৰহা আৰক্ষীক গটাই দিয়ে । ইফালে অঞ্চলটোত নিতৌ গৰু চুৰি কাণ্ডও সংঘটিত হৈ আহিছে ।

Ganja
ৰহাত গাঞ্জা জব্দ

যাৰ বাবে চোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নিশা ৰাইজে পহৰাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে । অৱশ্যে গৰু চোৰৰ পৰিৱৰ্তে শনিবাৰে পুৱতি নিশা ধৰা পৰিল গাঞ্জা সৰবৰাহকাৰীহে । চোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ স্থানীয় ৰাইজে আৰক্ষীৰ সহায় বিচাৰিছে । ইফালে এই অবৈধ গাঞ্জা ব্যৱসায়ৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰো সন্দেহ কৰিছে ৰাইজে ।

লগতে পঢ়ক :কলগাছিয়াৰ বালিকুৰিত ডকাইতি কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.