ETV Bharat / state

বানসাহায্য় লাভৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

author img

By

Published : Aug 22, 2022, 5:17 PM IST

flood affected people deprived of flood relief
বানসাহায্য় লাভৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

কামপুৰৰ বগলাজান পঞ্চায়তৰ পূৱ গুইমাৰীৰ ৫ নং ৱাৰ্ডৰ কোনো এজন বানাক্ৰান্তই নাপালে চৰকাৰী আঁচনিৰ সুবিধা (Flood in Kampur) । বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী (Flood affected people of Kampur did not get flood relief) । চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

বঢ়মপুৰ,২২ আগষ্ট: শেহতীয়া দুটাকৈ বানে ধুই নিয়া কামপুৰত এতিয়াও উচুপনি কমা নাই বানাক্ৰান্তৰ (Flood in Kampur) । ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বগলাজান পঞ্চায়তৰ পূৱ গুইমাৰী গাঁৱৰ ৫ নং ৱাৰ্ডৰ লোকসকলৰ বাসগৃহৰ দৃশ্য দেখিলে চকু সেমেকি উঠে সকলোৰে । কোনো কোনোৱে বৰ্তমানেও নিজৰ আপোন ঘৰখনত প্ৰবেশ কৰিব পৰা নাই ।

কাৰণ বছৰৰ দ্বিতীয়টো বানে এওঁলোকৰ হেঁপাহৰ ঘৰখন একেবাৰে নিঃশেষ কৰি লৈ যায় (Huge damage caused by floods in Kampur) । তেওঁলোকৰ সপোন আছিল হেঁপাহৰ ঘৰখন পুনৰ নিৰ্মাণ কৰি সুখে সন্তোষে বাস কৰিব । সেইসময়তে চৰকাৰেও ঘোষণা কৰিলে বানত গৃহহাৰা হোৱা লোকসকলে ৯৫,০০০ টকাকৈ লাভ কৰিব । দুখৰ মাজতো আনন্দত আত্মহাৰা হৈ পৰিছিল বানপীড়িত লোকসকল ।

বানসাহায্য় লাভৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

কিন্তু বাস্তৱত যে এয়া ফুটুকাৰ ফেনলৈ পৰিণত হ'ল । বগলাজান পঞ্চায়তৰ পূৱ গুইমাৰীৰ ৫ নং ৱাৰ্ডৰ কোনো এজন বানাক্ৰান্তই নাপালে সেই চৰকাৰী আঁচনিৰ ধন (Flood-affected people of Kampur did not get flood relief) । প্ৰলয়ংকাৰী বানৰ পিছত তেওঁ লোকে গৃহহাৰা হৈ এতিয়া চোতালতে শিবিৰ সাজি বাস কৰিবলগীয়া হৈছে । আনহাতে মণ্ডল, চৰকাৰী গাঁওবুঢ়াই আহি নিজ হাতেৰে তথ্য যুগুতাই লৈ যোৱাৰ পাছতো এইসকল লোক আৰ্থিক সাহায্যৰ পৰা বঞ্চিত হোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে (Flood victim deprive of govt compensations) ।

উল্লেখযোগ্য যে, কাৰ দোষৰ বাবে পূৱ গুইমাৰীৰ লোকসকল আৰ্থিক সাহাৰ্যৰ পৰা বঞ্চিত হ'ব লগা হ'ল তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীক অনুসন্ধান কৰি বানপীড়িতক সকাহ দিবলৈ ৰাইজৰ আহ্বান জনাইছে । নহ'লে এইসকল লোকে প্ৰতিটো দিন ৰাতি পাৰ কৰিব লাগিব অনিশ্চিত ভৱিষ্যতৰ মাজেৰে ।

লগতে পঢ়ক: ১৩ কোটি টকা খৰছৰ পিছতো নিশা অন্ধকাৰত ডুব যায় গুৱাহাটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.