ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ ভদীয়া বানে চিঙিলে লাওখোৱাৰ চেক বান্ধ

author img

By

Published : Aug 28, 2021, 9:28 PM IST

flood-situation-in-nagaon-district
ব্ৰহ্মপুত্ৰৰ ভদীয়া বানে চিঙিলে লাওখোৱাৰ চেক বান্ধ

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বিপদ কঢ়িয়াই আনিছে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো ৷ ব্ৰহ্মপুত্ৰৰ ভদীয়া বানে সম্প্ৰতি লাওখোৱা অভয়াৰণ্য(lawkhoa wildlife sanctuary)ৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনাই দেখা দিছে ।

চামগুৰি, 28 আগষ্ট : ব্ৰহ্মপুত্ৰৰ ভদীয়া বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰো কেতবোৰ অঞ্চললৈ বিপদ কঢ়িয়াই আনিছে । শনিবাৰে পুৱাৰে পৰা নগাঁও জিলাৰ লাওখোৱা, ভূৰবন্ধা আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি(rising water level of river Brahmaputra) পায় । ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ৩ নং ভূৰবন্ধা আৰু ৪ নং ভগামুখ সংযোগী এটা চেক বান্ধো চিঙি দিয়ে ।

ইয়াৰ ফলত কাষৰীয়া বহু কেইখন গাওঁ ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত পৰাৰ সম্ভাৱনাই দেখা দিছে । অৱশ্যে বৰ্তমানলৈকে বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰা নাই যদিও বহু হেক্টৰ কৃষি ভূমি প্লাৱিত হৈছে । ৪ নং ভগামুখৰ কিছু সংখ্যক লোকৰ ঘৰত ইতিমধ্যে পানী সোমাইছে বুলি জানিব পৰা গৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি নিৰাপদ ঠাই বিচাৰিবলৈ বাধ্য হৈছে বন্যাৰ্ত লোক সকল ৷

ব্ৰহ্মপুত্ৰৰ ভদীয়া বানে চিঙিলে লাওখোৱাৰ চেক বান্ধ

উল্লেখযোগ্য যে, চলিত বচৰত হোৱা প্ৰচণ্ড খৰাঙৰ পিছত জিলাখনৰ কৃষক ৰাইজে কোনোমতেহে কৃষি কাৰ্য সম্পন্ন কৰিছিল । ক’ভিড সৃষ্ট এই দুৰ্বিষহ পৰিস্থিতিৰ মাজত বহু হেক্টৰ কৃষি ভূমি বানৰ কৱলত পৰাৰ ফলত কৃষক ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে ।

তাৎপৰ্যপূৰ্ণ বিষয় যে, ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী এনেদৰে বাঢ়ি থাকিলে নৈ পৰীয়া গাওঁ সমূহৰ লগতে লাওখোৱা অভয়াৰণ্য(lawkhoa wildlife sanctuary)লৈকো ভাবুকি অহাৰ সম্ভাৱনা আছে । লাওখোৱা-ভগামুখ গড়কাপ্তানি পথৰ ওপৰেদিও সম্প্ৰতি পানী বাগৰিছে বুলি জানিব পৰা গৈছে । উপায়হীন বানাক্ৰান্ত ৰাইজে শীঘ্ৰেই চৰকাৰ তথা প্ৰশাসনক এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰভাৱে আহ্বান জনাইছে ।

লগতে পঢ়ক : জনা-নজনা : পুতলাৰ উপত্যকা হিচাপে পৰিচিত মনোমোহা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.