ETV Bharat / bharat

জনা-নজনা : পুতলাৰ উপত্যকা হিচাপে পৰিচিত মনোমোহা এখন গাঁও

author img

By

Published : Aug 28, 2021, 5:07 PM IST

দুয়োফালে বাগিচা, বাগিচাৰ দুয়োফালে বিভিন্ন ভংগীমাত বহুতো লোক আছে । কিছুমান বহি আছে, কিছুমান আকৌ থিয় হৈ আছে । চেক-চাৰ্ট, ঢিলা পেণ্ট, হেড কেপ । সকলোৱে যেন আপোনাক চাই আছে । কিন্তু কাৰো সৈতে কথা পতাৰ কোনো উপায় নাই । কোনেও আপোনাৰ সৈতে কথা পাতিবলৈ আগ্ৰহী নহয় । কিন্তু কিয় এইসকল লোক আপোনাৰ লগত কথা পাতিবলৈ অথবা আপোনাৰ লগত চিনাকী হ’বলৈ আগ্ৰহী নহয় ! কি আছে ইয়াৰ আঁৰত ? আহকচোন জানো এই গাঁওখনৰ আঁৰৰ ৰহস্য ৷

nagoro a creepy japanese village where dolls replace the departed
জনা-নজনা

নিউজ ডেস্ক, 28 আগষ্ট : মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য ৷ প্ৰকৃতিৰ এই সৌন্দৰ্য উপভোগ কৰি আপুনি ৰাস্তায়েদি খোজকাঢ়ি গৈ আছে ৷ আপোনাৰ দুয়োফালে কেৱল মানুহেই মানুহ ৷ কোনোবাই পথাৰত কাম কৰি আছে । কোনোবাই আকৌ মুখামুখিকৈ বহি কথা পাতিবলৈ চেষ্টা কৰি আছে । কিন্তু সকলোৰে চকু স্থিৰ হৈ আছে । নিথৰ । নিষ্প্ৰাণ । কিন্তু কোনেও আপোনাৰ সৈতে কথা পাতিবলৈ আগ্ৰহী নহয় । এনে পৰিস্থিতিত আপুনি নিশ্চয় অস্বস্তিত পৰিব ৷

nagoro a creepy japanese village where dolls replace the departed
জনা-নজনা

জাপানত আছে এনে এখন ঠাই । শিকুকো নামৰ এটা সৰু দ্বীপ । আয়তনত প্ৰায় 18,800 বৰ্গ কিলোমিটাৰ । শিকোকুৰ দ্বীপত নাগোৰা নামৰ এখন গাঁও আছে । যেতিয়া আপুনি গাঁওখনত প্ৰৱেশ কৰিব, আপোনাৰ এনেকুৱা লাগিব যেন গোটেই গাঁওখনত এটা হতাশাই আগুৰি ধৰিছে । গাঁওখনৰ মাজভাগৰ মাজেৰে পাৰ হৈ গৈছে এটা পথ । মানুহৰ বাসস্থানৰ চিহ্ন আছে, কিন্তু কোনেও ইয়াক কাকো যেন দেখা নাই । সকলো নিজৰ মাজত ব্যস্ত ৷

nagoro a creepy japanese village where dolls replace the departed
জনা-নজনা

দৰাচলতে, এই সকলোবোৰ পুতলা । কিন্তু তেওঁলোকৰ কাপোৰ, মূৰত চুলি, নখ, মূৰ ইমান নিখুঁত যে ই দূৰৰ পৰা মানুহৰ দৰে দেখি । এজন জীৱিত ব্যক্তিয়ে জীয়াই থাকিবলৈ কৰা সকলো ভঙ্গীত পুতলা ইয়াত আছে । পথাৰত, বাগিচাত, বিদ্যালয়ত... আপুনি তেওঁলোকক সকলো ঠাইতে দেখিব । এনেকুৱা ধাৰণা হয় যেন কোনোবাই যাদুৰ কৰি গাঁওবাসীক পুতলা কৰি দিলে ।

লগতে পঢ়ক: জনা-নজনা: পৃথিৱীৰ ভিন্ন প্ৰান্তত মৃতদেহ সৎকাৰৰ ভিন্ন নিয়ম

এই ৰহস্যটো জানিবলৈ আমি 1950-60 চনলৈ পিছুৱাই যাব লাগিব । সেই সময়ত ইয়াত এটা জলবিদ্যুৎ প্ৰকল্পৰ কামৰ বাবে বান্ধৰ নিৰ্মাণৰ কাম কৰা হৈছিল । আৰু তাৰ পিছত আৰম্ভ হয় তীব্ৰ পানীৰ সংকট । মানুহে গাঁওখন এৰি আন ঠাইলৈ যায় ।

nagoro a creepy japanese village where dolls replace the departed
জনা-নজনা

2015 চনৰ তথ্য অনুসৰি, গাঁওখনত মাত্ৰ 35 জন বাসিন্দাহে আছিল । 2016 চনত এই জনসংখ্যা 30লৈ হ্ৰাস পায় ৷ এতি গাওঁখনত ২৭ জনহে বাসিন্দা আছে । আটাইতকৈ কনিষ্ঠজনৰ বয়সও পঞ্চাশৰ ঘৰত । জানিব পৰা মতে, গাঁওখনত ১৯ বছৰৰ আগতে শেষৰ শিশুটোৰ জন্ম হৈছিল । এই গাঁওখনতে জন্ম হৈছিল চুখিমি আইনোৰ । সৰুতে তেওঁ মাক দেউতাকৰ সৈতে গাঁও এৰিছিল । তাৰ পিছত যেতিয়া তেওঁ গাঁওখনলৈ ঘূৰি আহিছিল, গাঁওখনত শূন্যতাই বিৰাজ কৰিছিল ৷ কেওঁৰ বুকু কঁপি গৈছিল । সৰুতে দেখা চিনাকি মুখবোৰ তেতিয়া গাঁওখনত নাছিল । কিছুমানৰ মৃত্যু হৈছে, কিছুমানে গাঁও এৰিছে । তেতিয়াৰ পৰা তেওঁ এৰি যোৱা আৰু মৃত্যু হোৱাসকলৰ স্মৃতিত পুতলা তৈয়াৰ কৰি আহিছে ।

nagoro a creepy japanese village where dolls replace the departed
জনা-নজনা

গাঁওখনৰ বিষয়ে কেইবছৰমান আগলৈকে কোনেও একো জনা নাছিল ৷ গাঁওখন প্ৰথমবাৰৰ বাবে ২০১৪ চনত পৃথিৱীৰ আন্যপ্ৰান্তৰ দৃষ্টিগোচৰ হৈছিল । জাৰ্মান চলচ্চিত্ৰ পৰিচালক ফ্ৰিটজ স্কুমানে ২০১৪ চনত চুখিমিৰ পুতলাৰ কামৰ বিষয়ে ভেলী অফ ডলছ নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল । তেতিয়াৰ পৰা, নাগোৰা বিশ্বৰ বাবে পুতলাৰ উপত্যকা হিচাপে পৰিচিত ।

লগতে পঢ়ক : জনা-নজনা: এসময়ৰ নিচাসক্ত এই গাঁও আজি সম্পূৰ্ণ নিচামুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.