ETV Bharat / state

Flood at Kaliabar : কলিয়াবৰৰ বৰঘূলীত বানৰ সংহাৰ

author img

By

Published : Jun 19, 2022, 6:42 PM IST

flood effect in kaliabar barghuli
flood effect in kaliabar barghuli

ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation of Assam)। প্ৰায় সমূহ জিলাই বানৰ কৱলত পৰিছে । উজনিৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও বুৰ গৈছে পানীৰ তলত ৷ বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷ কলিয়াবৰৰ বৰঘূলীতো বানৰ সংহাৰী ৰূপ ।

কলিয়াবৰ, ১৯ জুন : বানত জুৰুলা ৰাজ্যৰ চৌদিশে এক অবৰ্ণনীয় পৰিৱেশ(Flood situation of Assam) । নিতৌ বুৰিছে ন ন অঞ্চল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো ভয়ংকৰৰূপ ধাৰণ কৰিছে বানে(Flood at Kaliabar) ।

নেৰা-নেপেৰা বৰষুণৰ ফলত কলিয়াবৰত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ । কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ লগতে গৰাখহনীয়াত বিপৰ্যস্ত বৰঘূলীতো চলিছে বানৰ তাণ্ডৱ(Critical flood situation in Barghuli) । বৰলুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰঘূলীৰ বিস্তীৰ্ণ এলেকা । বানত বুৰ গৈছে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ । নষ্ট হৈছে আহু ধান, মৰাপাট, শাক-পাচলিৰ খেতি ।

বানে সপোনৰ ঘৰখন বুৰাই পেলোৱাত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্তই । জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ তাগিদাত দিহিঙে-দিপাঙে ঢপলিয়াইছে বানাক্ৰান্ত ৰাইজ । মানুহ,পশুধনে একেলগে আশ্ৰয় লৈছে মথাউৰিৰ অস্থায়ী চালিত । এক বিভিষিকাময় পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ বৰঘূলীত ।

কলিয়াবৰৰ বৰঘূলীত বানৰ সংহাৰ

ইফালে লুইতৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Flood in Kaziranga National Park) ৷ উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলক বেছিকৈ প্ৰভাৱিত কৰে লুইতৰ বানে (Flood at Burapahar forest ) ৷ সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুঢ়াপাহাৰ বনাঞ্চলখনৰ দ’ অংশসমূহ বুৰাই পেলাইছে । ইতিমধ্যে উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ৩৩ টা বন শিবিৰৰ ছয়টা বন শিবিৰ বানৰ কৱলত পৰিছে (Floods at 6 forest camps at Burapahar forest) ।

বানৰ ফলত উদ্যানখনৰ দক্ষিণ দিশে পাৰ হ’বলৈ চেষ্টা কৰোতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যুমুখত পৰে একাধিক বন্য জীৱ । এতিয়ালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা লতামাকৰী বাহনৰ খুন্দাত মৃত্যু হোৱাৰ লগতে চাৰিটা হৰিণাৰ বানৰ কৱলত মৃত্যু হৈছে (5 animals die in Kaziranga National Park)।

অৱশ্যে, ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কোনো জীৱ-জন্তু কাৰ্বি পাহাৰ অভিমুখে যোৱাৰ তথ্য নাই বুলি বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: পথাৰ এৰি পথত ভূঁই ৰূই প্ৰতিবাদ নাজিৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.