ETV Bharat / state

Flood in Kaziranga National Park : ক্ৰমান্বয়ে উন্নত হৈছে কাজিৰঙাৰ বান পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:06 PM IST

Flood in Kaziranga National Park
Flood in Kaziranga National Park

ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী । অৱশ্যে বৰ্তমানেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ চাৰিটা অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কবলত আছে ।

কাজিৰঙাত কমিছে বান

কলিয়াবৰ, ২ ছেপ্টেম্বৰ : ৰাজ্যৰ শেহতীয়া বানত জলমগ্ন হৈছে উজনি-নামনিৰ কেইবাখনো জিলা । ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল । ধন-জন হানি হোৱাৰ উপৰি পানীৰ তলত বিস্তৰ কৃষিভূমি । আনহাতে, চলিত বাৰিষাৰ তৃতীয়টো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো । অৱশ্যে ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নতি হোৱাৰ সমান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্ৰী উদ্য়ানৰ পৰাও ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী নামিবলৈ আৰম্ভ কৰিছে ।

অৱশ্যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচুৰত থকা হাতী কেম্পকে ধৰি জলমগ্ন হৈ আছে চাৰিটা বন শিবিৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ ৩৩ টা বন শিবিৰৰ বৰ্তমান ৪ টা বন শিবিৰ প্লাৱিত হৈ আছে । আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে কমি অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান বানমুক্ত হোৱাৰ দিশে গতি কৰেছে ।

উল্লেখ্য যে বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ‍্যানখনৰ আটাইকেইটা বন শিবিৰ বানৰ কবলত পৰিছিল । উদ‍্যানখনৰ জীৱকুল খাদ‍্য সঙ্কটত পৰিছে যদিও ৰাষ্ট্ৰীয় উদ‍্যানৰ ভিতৰভাগৰ পৰা অতি কমসংখ‍্যক জীৱ-জন্তুহে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ দক্ষিণ দিশৰ কাৰ্বি পাহাৰৰ দিশে গতি কৰা পৰিলক্ষিত হৈছিল ।

আনহাতে, কেইবাটাও হাতীৰ জাক ৰাষ্ট্ৰীয় পথ পাৰ হৈ কাৰ্বি পাহাৰৰ দিশে গতি কৰিছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই জনোৱা মতে, এতিয়ালৈকে কোনো জীৱ-জন্তুৰ হানি-বিঘিনি হোৱা নাই । এনেদৰে জলস্তৰ হ্ৰাস হৈ থাকিলে দেওবাৰৰ ভিতৰত বাকীকেইটা বান শিবিৰো বানমুক্ত হোৱাৰ আশা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ।

লগতে পঢ়ক :Assam CM at Dibrugarh Airport : কেইবাজনো মন্ত্ৰী-সাংসদক লগত লৈ মোহনবাৰী বিমানবন্দৰত উপস্থিত মুখ্যমন্ত্ৰী শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.