ETV Bharat / state

নগাঁৱৰ CRPF ৰ কেম্পত গুলীয়াগুলী

author img

By

Published : Sep 9, 2021, 2:52 PM IST

firing incident at crpf camp
নগাঁৱৰ CRPF ৰ কেম্পত গুলীয়াগুলী

নগাঁৱৰ কাটিমাৰীস্থ চিআৰপিএফ কেম্পত গুলীয়াগুলী । চি আৰ পি এফ জোৱানৰ নিজৰ মাজতে সংঘটিত হয় এই গুলি চালনা । বিজয় কুমাৰ মিশ্ৰ নামৰ চি আৰ পি এফ জোৱানজনৰ গুলীত আহত জোৱান প্ৰাঞ্জল দত্ত । প্ৰাঞ্জল দত্তক গুলীওৱাৰ পাচতে নিজে গুলীয়াই আত্মহত্যা কৰে বিজয় মিশ্ৰই ৷

নগাঁও,9 ছেপ্তেম্বৰ: পুনৰ নগাঁৱত গুলী চালনাৰ ঘটনা ৷ এইবাৰ আৰক্ষী আৰু অভিযুক্তৰ মাজত গুলী চালনা নহয় ৷ এইবাৰ গুলী চালনা সংঘটিত হৈছে চি আৰ পি এফ(CRPF)ৰ জোৱানৰ মাজতে ৷

নগাঁৱৰ কাটিমাৰীস্থ চি আৰ পি এফ কেম্পত সংঘটিত হৈছে এই গুলীয়া-গুলীৰ ঘটনা ৷ জানিব পৰা মতে, চি আৰ পি এফ জোৱান বিজয় কুমাৰ আৰু প্ৰাঞ্জল দত্তৰ মাজত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা ৷ চি আৰ পি এফ জোৱান বিজয় কুমাৰৰ গুলীচালনাত গুৰুত্বৰ ভাৱে আহত হয় প্ৰাঞ্জল দত্তৰ নামৰ আন এগৰাকী চি আৰ পি এফ জোৱান ৷

firing incident at crpf camp
নগাঁৱৰ CRPF ৰ কেম্পত গুলীয়াগুলী

ইফালে প্ৰাঞ্জল দত্তক গুলীওৱাৰ কিছুসময় পিছতেই বিজয় মিশ্ৰই নিজৰ মূৰত গুলি কৰি কৰে আত্মহত্যা ।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া । ভৰিত গুলি লগাত গুৰুত্বৰ ভাৱে আহত হয় প্ৰাঞ্জল দত্ত ৷ আহত প্ৰাঞ্জল দত্ত বৰ্তমান উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷

লগতে পঢ়ক: নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.