ETV Bharat / state

স্বামীৰ ব্যক্তিগত বিদ্যালয়ত চৰকাৰী আঁচনিৰ ধন ব্যৱহাৰ পঞ্চায়ত সভানেত্ৰীৰ

author img

By

Published : Oct 9, 2021, 2:12 PM IST

কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কামপুৰৰ লংজাপ পঞ্চায়ত আঁচনি ৰূপায়নত ব্যাপক অনিয়ম । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষলৈ পত্ৰ প্ৰেৰণ স্থানীয় ৰাইজৰ ।

14TH FINANCE CORRUPTION
পঞ্চায়ত সভানেত্ৰীৰ ব্যক্তিগত বিদ্যালয়ত ৰূপায়ন চাৰিটাকৈ আঁচনিৰ পুঁজি

বঢ়মপুৰ, 9 অক্টোবৰ : কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কামপুৰৰ লংজাপ পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । বিগত তিনিটা বছৰত চৰ্তুদশ বিত্তীয় বৰ্ষৰ চাৰিটাকৈ আঁচনি পুঁজি সভানেত্ৰী ৰেখামণি বৰাই স্বামী দিনেশ বৰাৰ ব্যক্তিগত বিদ্যালয়ত ব্যৱহাৰ কৰি আহিছিল । যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ।

পঞ্চায়ত সভানেত্ৰীৰ ব্যক্তিগত বিদ্যালয়ত ৰূপায়ন চাৰিটাকৈ আঁচনিৰ পুঁজি

স্থানীয় লোকে অভিযোগ কৰা মতে, সভানেত্ৰী ৰেখামণি বৰাৰ স্বামী দিনেশ বৰাই লুটুমাৰী আঞ্চলিক জাতীয় বিদ্যালয়ৰ ঠাইত শংকৰী বিকাশ কেন্দ্ৰ বিদ্যালয়ৰ ভুৱা নামত পুঁজিখিনি আত্মসাৎ কৰে ৷ এই অনুসৰি লুটুমাৰী আঞ্চলিক জাতীয় বিদ্যালয়ৰ বাবে ২০১৬-১৭, ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত লাখ লাখ টকা আৱন্টন হৈছিল পঞ্চায়তখনলৈ ।

জানিব পৰা মতে ২০১৬-১৭ বৰ্ষত শৌচাগাৰ নিৰ্মাণৰ নামত এক লাখ পঞ্চাছ হাজাৰ টকা, ২০১৭-১৮ বৰ্ষৰ প্ৰথম কিস্তিত শংকৰী বিকাশ কেন্দ্ৰ বিদ্যালয়ত নিৰ্মাণৰ বাবে পাঁচ লাখ পঞ্চাছ হাজাৰ টকা, ২০১৭-১৮ বৰ্ষত দ্বিতীয় কিস্তিত বিদ্যালয়ৰ বেৰা নিৰ্মাণৰ বাবে তিনি লাখ ছয়ানব্বৈ হাজাৰ সাতশ উনাপঞ্চাছ টকা আৰু ২০১৮-১৯ ৰ্বষত বিদ্যালয়খনলৈ যোৱা এটা চি চি ব্ল’কৰ পথ নিৰ্মাণৰ বাবে তিনিলাখ টকা অনুমোদন হয় ।

14TH FINANCE CORRUPTION
পঞ্চায়ত সভানেত্ৰীৰ ব্যক্তিগত বিদ্যালয়ত ৰূপায়ন চাৰিটাকৈ আঁচনিৰ পুঁজি

তাৎপৰ্যপূৰ্ণভাৱে প্ৰায় পঞ্চাছ মিটাৰ পথ নিৰ্মাণৰ কাম আজিকোপতি আৰম্ভ হোৱা নাই । তাৰোপৰি বিদ্যালয়খনত পঞ্চায়তৰ সভানেত্ৰী তথা স্বামী দিনেশ বৰা বি জে পি দলৰ এজন স্থানীয় নেতা হোৱাৰ বাবেও চৰকাৰী চ’লাৰ লাইট, সাংসদ পুঁজি, বিধায়ক পুঁজি আদি আঁচনি বিদ্যালয়খনত অন্তৰ্ভুক্ত কৰা বুলি জনা গৈছে । এনেদৰেই পঞ্চায়তখনত বিভিন্ন আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে । যাৰ এক উচিত তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষলৈ পত্ৰ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : ভূমিপট্টা বিচাৰি নাৰায়ণপুৰত ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.