ETV Bharat / state

৯০ দিন অতিক্ৰম কৰিলে মিকিৰ-বামুণীৰ কৃষকৰ প্ৰতিবাদে

author img

By

Published : Apr 26, 2021, 1:09 PM IST

প্ৰতিবাদ অব্যাহত আছে নগাঁৱৰ মিকিৰ-বামুণী গ্ৰান্টৰ কৃষকৰ । কৃষকৰ অবিৰত বিক্ষোভে ৯০ দিন অতিক্ৰম কৰাৰ বাবে দেওবাৰে মিকিৰ-বামুণী গ্ৰান্টত অনুষ্ঠিত হয় সংহতি দিৱস । 'তেজ দিম মাটি নিদিও', 'আমাৰ মাটি ঘূৰাই দিব লাগিব', 'কৃষকৰ ভূমি ৰক্ষা কৰক' আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদস্থলী ।

মিকিৰ-বামুণী গ্ৰান্টৰ কৃষকৰ প্ৰতিবাদস্থলীত সংহতি দিৱস

চামগুৰি, ২৬ এপ্ৰিল: নগাঁৱৰ মিকিৰ-বামুণী গ্ৰান্টৰ কৃষকৰ প্ৰতিবাদে ৯০ দিন অতিক্ৰম কৰাৰ বাবে দেওবাৰে সংহতি দিৱস উদযাপন কৰে প্ৰতিবাদকাৰী কৃষকে । সংহতি দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে, নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ-বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষকসকলক উচ্ছেদ কৰি চৰকাৰে আজুৰ নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানক সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ দিয়াৰ বিৰোধিতাৰে যোৱা ২৬ জানুৱাৰীৰ পৰা নিখিল ভাৰত কৃষক সভা আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বত অবিৰতভাৱে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছে কৃষকসকলে ।

দেওবাৰৰ প্ৰতিবাদী সভাত তেজ দিম মাটি নিদিও, আমাৰ মাটি ঘূৰাই দিব লাগিব, কৃষকৰ ভূমি ৰক্ষা কৰক, বি জে পি মুর্দাবাদ, খিলঞ্জীয়াৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কৃষকসকলে । এই প্ৰতিবাদী সভাত প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাং, অধ্যাপিকা বসুন্ধৰা জয়ৰত উপস্থিত থাকি কৃষকসকলক তেওঁলোকৰ ভূমি উভতাই দিয়াৰ দাবী উত্থাপন কৰে ।

চি পি আইৰ নেতা ৰাতুল বৰাই আঁত ধৰা সভাখনত সংগ্ৰামী কৃষক নেতা প্ৰণৱ দলে, অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ তৰুণ কাকতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, বিদিশা বৰ্মন, ঈশান বৰা আদি উপস্থিত থাকে আৰু মিকিৰ-বামুণীৰ কৃষকৰ মাটি কোনো কাৰণতে বহিৰাগত কোম্পানীক এৰি দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ।

সভাত প্ৰাক্তন ছাত্ৰ নেতা তথা লেখক খগেন ইংতি, অধিবক্তা কৃষ্ণ গগৈ, ৰশ্মিৰেখা বৰা আদিয়ে খিলঞ্জীয়া কৃষকৰ ভূমি বহিৰাগত কোম্পানীয়ে বলপূৰ্বক ভাৱে দখল কৰাৰ কাৰ্যৰ ঘোৰ বিৰোধিতা কৰে । সভাৰ আৰম্ভণিতে ধৰ্ষণ তথা হত্যাৰ বলি হোৱা চুমিলা ৰংহাংপিৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে মৃত ৰংহাংপিৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ।

লগতে পঢ়ক:আৰক্ষীৰ জালত পিতৃ হত্যাকাৰী ৰামিজ উদ্দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.