ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী

author img

By

Published : May 23, 2021, 6:17 PM IST

fake gold seized in nagaon
নগাঁও আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী

অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে নগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ এইবাৰ নগাঁও আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী । সন্দেহজনক নকল সোণৰ নাও আৰু ব্ৰাউন চুগাৰ জব্দ ৷

নগাঁও, 23 মে': অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে নগাঁও আৰক্ষী । এইবাৰ নগাঁও আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী । নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে সন্দেহজনক নকল সোণৰ নাও আৰু ব্ৰাউন চুগাৰ ।

এইবাৰ নকল সোণ ব্যৱসায়ী নগাঁও আৰক্ষীৰ জালত

অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ অপৰাধ নিয়ন্ত্ৰণৰ বাবে নগাঁও আৰক্ষীয়ে গঠন কৰি দিয়া বিশেষ দলে অভিযান চলাই নকল সোণৰ ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় নকল সোণৰ নাও আৰু ব্ৰাউন চুগাৰ ৷

দেওবাৰে পুৱা আৰক্ষীৰ দলটোৱে নগাঁও চহৰৰ ভূঞাপট্টিত অভিযান চলাই দীপাংকৰ দাস নামৰ লোকজনৰ ঘৰৰ পৰা নকল সোণৰ এখন নাও জব্দ কৰাৰ লগতে ব্ৰাউন চুগাৰো জব্দ কৰিবলৈ সক্ষম হয় । বিভিন্নজনক প্ৰৱঞ্চনা কৰি নকল সোণৰ ব্যৱসায় চলাই অহা দীপাংকৰ দাসক কৰায়ত্ব কৰাৰ লগতে আৰক্ষীৰ দলটোৱে দীপাংকৰ দাসৰ পৰা নগদ ১৪ হাজাৰ জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: অপহৰণৰ 30 দিন : ৰিতুল শইকীয়াৰ মুখেৰে সবিশেষ বৰ্ণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.