ETV Bharat / state

ফেচবুকে পৰিয়ালৰ সন্ধান দিলে বাংলাদেশৰ মমতাজক

author img

By

Published : Aug 13, 2019, 11:36 PM IST

বাংলাদেশৰ মমতাজ আখতাৰ নামৰ মহিলাগৰাকীয়ে ফেচবুকৰ জৰিয়তে নিজৰ পৰিয়ালৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ নগাঁও জিলাৰ ৰাঙলুত থকা পৰিয়ালৰ সৈতে মিলন হয় বাংলাদেশৰ সুনমগঞ্জৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ তথ্য-প্ৰযুক্তি বিভাগৰ বিষয়া মমতাজ আখতাৰৰ ৷

ফেচবুকে পৰিয়ালৰ সন্ধান দিলে বাংলাদেশৰ মমতাজক

নগাঁৱ,13 আগষ্টঃ পবিত্ৰ ঈদৰ দিনটোতে ককা-নাতিনীৰ মিলনৰ কাহিনী পোহৰলৈ আহিছে ৷ নগাঁৱত আত্মীয়ৰ সন্ধান বিছাৰি ওলালহি বাংলাদেশৰ মমতাজ আখতাৰ নামৰ মহিলাগৰাকী ৷ ফেচবুকৰ জৰিয়তে নিজৰ পৰিয়াল তথা আত্মীয়ৰ সন্ধান বিচাৰি উলিয়াবলৈ সক্ষম হয় মহিলাগৰাকীয়ে ৷

ফেচবুকে পৰিয়ালৰ সন্ধান দিলে বাংলাদেশৰ মমতাজক

1960 চনত কামপুৰৰ টকৌডুবিত বসবাস কৰা এটা পৰিয়ালে ঘৰ-মাটি বিক্ৰী কৰি গুচি গৈছিল বাংলাদেশৰ সুনমগঞ্জলৈ ৷ পৰৱৰ্তী সময়ত বাংলাদেশ গঠন হোৱাত সুনমগঞ্জতে নিগাজীকৈ থাকিবলৈ লয় পৰিয়ালটো ৷ কিন্তু পৰিয়ালটোৰ মুল শিপা অসমতে থাকি যায় ৷ পৰৱৰ্তী সময়ত বাংলাদেশত বসবাস কৰা পৰিয়ালটোৰ সদস্য মমতাজ আখতাৰে ফেচবুকৰ জৰিয়তে নিজৰ পৰিয়ালৰ সদস্যসকলৰ সন্ধানত নামি পৰে ৷ বাংলাদেশত জন্মগ্ৰহণ কৰা মহিলাগৰাকীয়ে নিজৰ ককাদেউতাকৰ মুখত শুনিছিল এটা নাম "ৰাঙলু" ৷ "ৰাঙলু" নামৰ সহায়তে মহিলাগৰাকীয়ে ফেচবুকত সন্ধান কৰিবলৈ লয় নিজৰ পৰিয়ালৰ বাকী সদস্যৰ ৷

নগাঁও জিলাৰ এলফিনষ্টন চাৰিআলিৰ মহম্মদ ছবিৰ খান নামৰ এগৰাকী ফটোগ্ৰাফাৰে ফেচবুকত "ৰাঙলু"ৰ নামেৰে এটা প'ষ্ট কৰে ৷ এই প'ষ্টৰ সহায়তে মমতাজে নিজৰ পৰিয়ালৰ সন্ধান বিচাৰি উলিয়াবলৈ সক্ষম হয় ৷ অৱশেষত ফেচবুক বন্ধু মহম্মদ ছবিৰ খানৰ সহযোগত পবিত্ৰ ঈদৰ দিনটোতে ৰাঙলুস্থিত নিজৰ পেহীয়েকৰ বাসগৃহত উপস্থিত হয় ৷ সুনমগঞ্জৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ তথ্য-প্ৰযুক্তি বিভাগৰ বিষয়া মমতাজ আখতাৰে নিজৰ স্বামীৰ সৈতে আহি উপস্থিত হয় নিজৰ পেহীয়েকৰ গৃহত ৷ পৰৱৰ্তী সময়ত মমতাজে পিতৃ গৃহ কামপুৰৰ টকৌডুবিত উপস্থিত হৈ পিতৃয়ে বসবাস কৰা ঠাইখনো পৰিদৰ্শন কৰে ৷ নিজৰ পৰিয়ালৰ শিপা বিচাৰি পাই মহিলাগৰাকীয়ে নিজকে ধন্য বুলি মন্তব্য কৰাৰ লগতে পৰিয়ালৰ সৈতে মিলন হোৱাত সহায় কৰি দিয়া ফটোগ্ৰাফাৰ বন্ধু মহম্মদ ছবিৰ খানক বজৰংগী ভাইজানৰ লগত তুলনা কৰে বাংলাদেশৰ মহিলাগৰাকীয়ে ৷

Intro:ককা নাতিৰ মিলন । পবিত্ৰ ঈদৰ পিছৰ দিনাই নগাঁৱত আত্মীয়ৰ বিচাৰি কামপুৰ পালেহি বাংলাদেশৰ মমতাজ আখতাৰ ৷
Anchor=যি খিনি সময়ত চছিয়েল মিডিয়াৰ কুপ্ৰভাবৰ ওপৰত সৰৱ আলোচনা চলিছে তেনে সময়তে ফেচবুকৰ জড়িয়তে সম্পূৰ্ণ ষাঠি বছৰৰ পিছত দুটা পৰিয়ালৰ মাজত মিলন হয় । ঈদৰ পিছৰ দিনাই কামপুৰত আত্মীয়ৰ শিপা বিচাৰি উলিয়ালেহি বাংলাদেশৰ মমতাজ আখতাৰ নামৰ এগৰাকী শিক্ষিত মহিলাই ।

Body:Vo=জানিব পৰা মতে ১৯৬০ চনত কামপুৰৰ টকৌডুবিত বসবাস কৰা এটা পৰিয়ালে ঘৰ মাটি বিক্ৰী কৰি বাংলাদেশৰ সুনমগঞ্জত স্থায়ী ভাৱে থাকিব লয় । বাংলাদেশ নতুন কৈ গঠনৰ পিছত পৰিয়ালটো তাতে থাকি যায় ।এটা ফেচবুক প'ষ্টৰ পৰাই আদি পুৰুষৰ শিপাৰ পম খেদি নিজৰ স্বামীক লগত লৈ নগাঁও পালেহি বাংলাদেশৰ সুনমগঞ্জৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ তথ্য-প্ৰযুক্তি বিভাগৰ বিষয়া গৰাকী । উল্লেখ্য যে বাংলাদেশতেই জন্মগ্ৰহণ কৰা এইগৰাকী মহিলাই ককাদেউতাকৰ মুখত শুনিছিল নগাঁৱৰ 'ৰাঙলু' নামৰ ঠাইখনৰ কথা । তেতিয়াৰ পৰাই মমতাজ আখতাৰে গণ মাধ্যমৰ সহায়ত আৰম্ভ কৰিছিল আদি পুৰুষৰ সন্ধানত অভিযান । নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিৰ মহম্মদ ছবিৰ খান নামৰ এগৰাকী লোকে কিছুদিন পূৰ্বে ফেচবুকত আপলোড কৰিছিল ৰাঙলু বিষয়ক এটা প'ষ্ট । ছবিৰ খানৰ এই প'ষ্টটোৰ সহায়তেই এতিয়া নগাঁৱত মমতাজ আখতাৰে বিচাৰি পালে নিজৰ হেৰুৱা ঐতিহ্য । লাভ কৰিলে আদি পুৰুষৰ সন্ধান । নগাঁৱৰ ফেচবুকৰ বন্ধু ছবিৰ খানৰ সহযোহত দুপৰীয়া মমতাজ আখতাৰে ৰাঙলুত থকা পেহীয়েকৰ পৰিয়ালটোক লগ পাই শোকাকুল হৈ পৰে । ইয়াৰ পিছতে মমতাজে পিতৃ গৃহ কামপুৰৰ টকৌডুবিত উপস্থিত হৈ পিতৃয়ে বসবাস কৰা ঠাইখন দেখি অভিভূত হৈ পৰে । ইফালে যি গৰাকী ফটো গ্ৰাফাৰৰ জড়িয়তে নিজৰ পিতৃৰ আত্মীয় স্বজনক লগ পালে তেঁওক বজৰংগী ভাইজানৰ লগত তুলনা কৰে বাংলাদেশৰ মহিলাগৰাকীয়ে ৷

Conclusion:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.