ETV Bharat / state

Nagaon medical college: নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ পদত ডাঃ মিহিৰ কুমাৰ গোস্বামী

author img

By

Published : Apr 19, 2023, 6:17 PM IST

Nagaon medical college
নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামী

যোগদান কৰিয়েই চিকিৎসাৰ নামত ব্যৱসায় চলোৱা নাৰ্ছিং হোমৰ বিৰুদ্ধে সৰৱ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামী । চিকিৎসা সেৱাৰ নামত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ একাংশ নাৰ্ছিং হোমৰ বিৰুদ্ধে । ব্যক্তিগত এম্বুলেঞ্চ চালকলৈ বিশেষ জাননী নগাঁও চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ (Dr Mihir Kumar Goswami on Nagaon medical college)।

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ডাঃ মিহিৰ কুমাৰ গোস্বামীৰ

নগাঁও, 19 এপ্ৰিল : বহাগ বিহুৰ দিনটোতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিছিল ৰাজ্যৰ আন দুখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে নগাঁও চিকিৎসা মহাবিদ্যালয় । প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰাৰ পিচত ইতিমধ্যেই পূৰ্ণ পৰ্যায়ত চিকিৎসা সেৱা আৰম্ভ হৈছে নগাঁৱৰ ম'হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়ত । নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বৰ অধ্যক্ষ ডাঃ শিল্পী ৰাণী বৰ্মনৰ স্থানত অৰ্থাৎ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে ডাঃ মিহিৰ কুমাৰ গোস্বামীক (Nagaon Medical College inauguration) ।

চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ অধ্যক্ষ হিচাপে যোগদান কৰিছে ডাঃ মিহিৰ কুমাৰ গোস্বামীয়ে । যোগদান কৰিয়েই চিকিৎসা সেৱাৰ নামত ব্যৱসায় কৰা একাংশ নাৰ্ছিং হোমৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষগৰাকী । উল্লেখ্য যে, ইতিপূৰ্বে নগাঁৱৰ একাংশ নাৰ্ছিং হোমৰ বিৰুদ্ধে উত্থাপিত একাধিক অভিযোগৰ বাতৰিও সম্প্ৰচাৰ হৈছিল বিভিন্ন সংবাদ মাধ্যমত । এনে একাংশ নাৰ্ছিং হোমৰ লুণ্ঠনৰ বিষয়ে অৱগত হৈয়েই একপ্ৰকাৰ জাঙুৰ খাই উঠিছে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামী (Allegations against Nagaon medical college)।

একাংশ ব্যক্তিগত এম্বুলেঞ্চ আৰু নাৰ্ছিং হোমৰ মাজত বুজাবুজি থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে চিকিৎসা মহাবিদ্যালয়খনৰ নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে । এনে একাংশ ব্যক্তিগত এম্বুলেঞ্চ চালকৰ সহযোগতেই দুখীয়া ৰোগীৰ পৰা একাংশ নাৰ্ছিং হোমে ধন লুটিবলৈ আৰম্ভ কৰা বুলিও মন্তব্য প্ৰকাশ কৰে অধ্যক্ষ ডাঃ মিহিৰ কুমাৰ গোস্বামীয়ে (Nagaon Medical College and Hospital) ।

চৰকাৰী চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা একাংশ দৰিদ্ৰ ৰোগীক বিপথে পৰিচালিত কৰি গুৱাহাটীলৈ নিয়াৰ পৰিৱৰ্তে নগাঁৱৰ ব্যক্তিগত নাৰ্ছিং হোমতে ভৰ্তি কৰোৱাৰো অভিযোগ উত্থাপিত হৈছে ব্যক্তিগত এম্বুলেঞ্চ চালকৰ বিৰুদ্ধে । নগাঁৱৰ বাইপাছৰ এখন নাৰ্ছিং হোমত এনেদৰে দুখীয়া ৰোগীক ভৰ্তি কৰি বৃহৎ ধন আদায় কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অধ্যক্ষ ডাঃ মিহিৰ গোস্বামীয়ে । যাৰ বাবে এই বিশেষ জাননী জাৰি কৰিছে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ গোস্বামীয়ে (Allegations of extortion in Nagaon Medical College)।

উল্লেখযোগ্য যে, দীৰ্ঘদিনে অসমৰ স্বাস্থ্যখণ্ডলৈ উল্লেখনীয় সেৱা আগবঢ়াই নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব লোৱা ডাঃ মিহিৰ কুমাৰ গোস্বামীয়ে পূৰ্বে ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সেৱা আগবঢ়াইছিল ৷

লগতে পঢ়ক : Ankita Dutta: এইবোৰ কথাক লৈ আৰু ৰৌজাল-বৌজাল হ’ব নালাগে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.