ETV Bharat / state

Nagaon District Administration: এইবাৰ নগাঁৱত পূজা সমিতিয়ে মানিব লাগিব এইসমূহ নিয়ম

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:58 PM IST

আগন্তক দুৰ্গোৎসৱৰ বাবে নগাঁও জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা । সভাত গ্ৰহণ কৰা হয় কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বিশেষকৈ পূজা সমিতিয়ে অনুমতি লাভ কৰাৰ ক্ষেত্ৰত থাকিব বিশেষ চৰ্ত । দুৰ্গা পূজা উদযাপনৰ বাবে সমিতিয়ে মানিব লাগিব নীতি নিয়ম । নগাঁৱৰ পূজা সমিতিৰ বাবে কি কি নীতি নিয়ম দিলে জিলা প্ৰশাসনে ?

Nagaon District Administration
আগন্তক দুৰ্গোৎসৱৰ বাবে নগাঁও জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা

নগাঁও, ২৭ ছেপ্টেম্বৰ: নগাঁও জিলাত আগন্তুক দুৰ্গা পূজা আৰু কালী পূজাৰ শান্তিপূৰ্ণ উদযাপনৰ বাবে বুধবাৰে নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয় । সভা মুকলি কৰি অতিৰিক্ত জিলা আয়ুক্ত লক্ষ্যজ্যোতি দাসে সভাক জনায় যে জিলাখনত আগন্তুক দুৰ্গা পূজা আৰু কালী পূজা উদযাপনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা তথা পূজা শান্তিপূৰ্ণভাৱে উদযাপনৰ বাবে বিভিন্ন সংশ্লিষ্ট অংশীদাৰসকলৰ মাজত প্ৰয়োজনীয় সমন্বয় আৰু সহযোগিতা নিশ্চিত কৰা এই সভাৰ প্ৰাথমিক উদ্দেশ্য ।

পূজা সমিতিসমূহৰ অনুমতি আবেদন সম্পৰ্কীয় বিষয়সমূহ যেনে সংশ্লিষ্ট বিভাগৰ পৰা প্ৰয়োজনীয় এন অ' চি লাভ কৰা, পূজা মণ্ডপৰ ফিটনেছ, বিদ্যুৎ সংযোগৰ ফিটনেছ, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশনা মানি চলা তথা মূৰ্তিৰ বিসৰ্জনৰ সময়ত মানি চলিবলগীয়া নিয়মসমূহৰ সৈতে জড়িত বিষয়সমূহ সভাত বিতংভাৱে আলোচনা কৰা হয় । পূজা মণ্ডপসমূহত চিচিটিভি স্থাপন, ড্ৰাগছ বিৰোধী বাৰ্তা প্ৰদৰ্শন, মণ্ডপত নৈশ পহৰা নিশ্চিত কৰা, পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰাৰ লগতে অন্যান্য বিষয়সমূহো সভাত উত্থাপন কৰি আলোচনা কৰা হয় ।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়াসকলে মূৰ্তি নিৰ্মাণৰ বাবে জৈৱিকভাৱে পচনযোগ্য সামগ্ৰী আৰু প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰকে ধৰি পূজাৰ সেউজ উদযাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে একক ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী পৰিহাৰ কৰিবলৈও আহ্বান জনায় । কলিয়াবৰৰ মহকুমাধিপতি (অসামৰিক) লিজা তালুকদাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি কলিতা, নগাঁৱৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, নগাঁও, ধিং, ৰহা আৰু কামপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল, চক্ৰ বিষয়া বিষয়াসকল, এপিডিচিএল, পিডব্লিউডি বিভাগৰ বিষয়া, ডিডিএমএৰ জিলা প্ৰকল্প বিষয়া, ডি আই পি আৰ অ', পৰিবহণ বিভাগৰ বিষয়া, নগাঁৱৰ বিভিন্ন পূজা সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য সংশ্লিষ্ট বিষয়াসকল সভাত উপস্থিত থাকে ।

লগতে পঢ়ক: Minister Bimal Borah at Dibrugarh: ডিব্ৰুগড়ৰ চৌকিডিঙীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ট্ৰেড এক্সপ’ ২০২৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.