ETV Bharat / state

Free textbook distribution : কলিয়াবৰত বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ

author img

By

Published : Mar 25, 2023, 6:35 PM IST

Distribution of free textbooks in Nagaon
বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ

কলিয়াবৰত বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত (Free textbook distribution at Kaliabor) ৷

বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ

নগাওঁ, 25 মাৰ্চ : 2023-2024 শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে অসমৰ অন্যান্য ঠাইৰ সমান্তৰালকৈ কলিয়াবৰতো আজি আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে আগবঢ়োৱা বিনামূলীয়া পাঠ‍্যপুথি বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় ৷ প্ৰাথমিক বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে আগবঢ়োৱা বিনামূলীয়া পাঠ‍্যপুথি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ‍্যৰ স্বাস্থ‍্য আৰু পৰিয়াল কল‍্যাণ মন্ত্ৰী কেশৱ মহন্ত । কুঁৱৰীটোলস্থিত ৭৯১ নং প্ৰাথমিক বিদ‍্যালয়ত অনুষ্ঠিত পাঠ‍্যপুথি বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে গুণগত শিক্ষা প্ৰদান কৰিবলৈ শিক্ষকসকললৈ আহ্বান জনায় (Free textbook distribution at Kaliabor) ৷

অভিভাৱকসকলে যাতে শিক্ষকসকলক আস্থা আৰু বিশ্বাসত ল'ব পাৰে তেনে ধৰণৰ গুণগত শিক্ষাদান কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক আহ্বান জনায় । ইয়াৰোপৰি, পাঠ্যপুথি বিতৰণ অনুষ্ঠান অনুষ্ঠিত হোৱা বিদ্যালয়খনত বৰ্তমান ১৮৭ গৰাকী ছাত্ৰ-ছাত্ৰী আছে বুলি উল্লেখ কৰি উক্ত বিদ‍্যালয়খনৰ এসময়ত স্বাস্থ‍্যমন্ত্ৰী কেশৱ মহন্তও ছাত্ৰ আছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । স্বাস্থ‍্যমন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে, চৰকাৰী বিদ‍্যালয়ৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা চৰকাৰে প্ৰদান কৰাৰ পাছতো চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে । যাৰ ফলত ৰাজ্যৰ বহুকেইখন বিদ্যালয় বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Minister Keshab Mahanta at Kaliabor) ।

চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ হাৰ কমি অহাৰ কাৰণ শিক্ষক-শিক্ষয়িত্ৰীসকলকে বিশ্লেষণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । কলিয়াবৰৰ ৭৯১ নং কুঁৱৰীটোল প্ৰাথমিক বিদ‍্যালয় প্ৰাঙ্গনত বিনামূলীয়া পাঠ‍্যপুথি বিতৰণৰ শুভাৰম্ভ কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি আৰু শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে (Distribution of free textbooks in Nagaon)।

একেটা অনুষ্ঠানটোতে চাৰিজনকৈ দিব্যাংগক তেওঁলোকৰ প্ৰয়োজনীয় সহায়ক সা-সঁজুলি আগবঢ়োৱা হয় ।

লগতে পঢ়ক : Rahul Gandhi Modi Surname Row : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতা, ৰাজ্যজুৰি কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.