ETV Bharat / state

Assam Police Station Attack: বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ তদন্তৰ বাবে এছ আই টি গঠন

author img

By

Published : May 22, 2022, 5:28 PM IST

আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যুৰ পাছত একাংশ উত্তেজিত লোকে বটদ্ৰৱা আৰক্ষী থানাত অগ্নি সংযোগ কৰা ঘটনাৰ(Mob sets fire in Batadrava police station) লগত জড়িত মহিলাসহ 21 জন লোকক এই পৰ্যন্ত আটক কৰা হৈছে ৷ ইয়াৰোপৰি অধিক অপৰাধীৰ সন্ধানত ভিডিঅ’ ফুটেজ নিৰীক্ষণ কৰি আছে আৰক্ষীয়ে ৷ থানা জ্বলোৱা কাণ্ডৰ লগত জেহাদী সংগঠনৰ লোক জড়িত থকাৰ সন্দেহতো আৰম্ভ কৰিছে তদন্ত ৷

Mob sets fire in Batadrava police station
বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন

নগাঁও, 22 মে’: বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল(Special investigation team for Batadrava incident) । আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ আঁৰত জেহাদী শক্তি জড়িত আছে নেকি সেই বিষয়েও তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে ।

বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন

ঘটনাৰ ভিডিঅ’ ফুটেজৰ পৰা দোষীক চিনাক্ত কৰা হ'ব বুলি শনিবাৰে আৰক্ষী অধীক্ষক লীনা দলেই(Nagaon SP Leena Doley) মন্তব্য কৰাৰ পাছত দেওবাৰে সঞ্চালক প্ৰধানগৰাকীয়েও অনুৰূপ মন্তব্য প্ৰকাশ কৰে । আনহাতে একাংশ উত্তেজিত লোকে বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাত জড়িত 21 জনকৈ লোকক ইতিমধ্য নগাঁও আৰক্ষীয়ে আটক কৰিছে (Batadrava Police Station incident accused arrested) ৷ ইয়াৰে ১৫ গৰাকী মহিলা ৷

এই ঘটনাৰ আঁৰত জেহাদী সংগঠনৰ লোক জড়িত আছে নেকি তাৰো তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (SDGP GP Singh on Bratadava violence) ৷ ঘটনাত বহু কুখ্যাত অপৰাধী জড়িত থকাৰ সন্দেহ কৰাৰ লগতে এই আক্ৰমণ পৰিকল্পিত বুলি ধাৰণা কৰিছে আৰক্ষীয়ে ৷ ইফালে বটদ্ৰৱা আৰক্ষীয়ে এজন যুৱকক মাৰপিট কৰাৰ পাছতে মৃত্যু হোৱাৰ যি অভিযোগ উত্থাপিত হৈছিল সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্তৰ ব্যৱস্থা কৰিছে ৷

ইতিমধ্য মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱা যুৱকজনৰ মৃতদেহটো সোমবাৰে ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে জি পি সিঙে ৷ ফৰেনচিক ৰিপ’ৰ্ট লাভ কৰাৰ পাছত যুৱকজনৰ মৃত্যুৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক: Tense Situation at Batadrava : পৰিস্থিতি পৰিদৰ্শন কৰি কি ক’লে বিধায়িকা শিৱামণি বৰাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.