ETV Bharat / state

CPIML Press Meet : সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ চিপিআইএমএলৰ ৰাজ্যিক সমিতি

author img

By

Published : Aug 7, 2023, 8:41 PM IST

CPIML Assam Criticizes BJP Government
বিজেপি চৰকাৰক তীব্ৰ সমালোচনা চিপিআইএমএলৰ

নগাঁৱত সংবাদমেল সম্বোধন চিপিআইএমএল অসমৰ ৰাজ্যিক সমিতিৰ ৷ সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা চিপিআইএমএলৰ ৰাজ্যিক সম্পাদক বিবেক দাসৰ ৷

চিপিআইএমএলৰ ৰাজ্যিক সমিতিৰ সংবাদমেল

নগাঁও, 7 আগষ্ট : সোমবাৰে নগাঁৱত এক সংবাদমেল সম্বোধন কৰে চিপিআইএমএল অসমৰ ৰাজ্যিক সমিতিয়ে ৷ সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে চিপিআইএমএলৰ অসম ৰাজ্যিক সমিতি ৷ নগাঁৱত সংবাদ মেল আয়োজন কৰি চিপিআইএমএলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

তেওঁ কয় যে, বিজেপি চৰকাৰখনে ঘৃণনীয়ভাৱে সাম্প্ৰদায়িক প্ৰচাৰ অব্যাহত ৰাখিব খুজিছে ৷ সাম্প্ৰদায়িক সংঘৰ্ষত বিজেপিয়ে উচটনি দিব আৰু সংঘৰ্ষৰ সৃষ্টি হ’ব ৷ সেই সময়ত আৰক্ষীয়ে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলিও বিস্ফোৰক মন্তব্য কৰে বিবেক দাসে ৷ লগতে সাম্প্ৰদায়িক সংঘৰ্ষৰ দ্বাৰা বিজেপিয়ে ভাৰতবৰ্ষক বিভাজন কৰিবলৈ চেষ্টা কৰিব বুলিও কয় তেওঁ ৷

লগতে পঢ়ক : Lachit Sena Protest : লখিমপুৰত মুখ্যমন্ত্রী-যোগান মন্ত্রীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ লাচিত সেনাৰ

চিপিআইএমএলৰ নেতাজনে কয় যে, বিগত সময়ত চৰকাৰখনে যিমান কথা কৈছিল তাৰ এটাও কাম কৰিব নোৱাৰিলে ৷ সেই ব্যৰ্থতা ঢাকিবলৈ এনেদৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে ৷ যি সমূহ ঠাইত মুছলমান নাই সেই ঠাইত হিন্দু-খ্ৰীষ্টীয়ান কৰিবলৈ বিচাৰিছে বিজেপিয়ে ৷ মণিপুৰ আৰু হাৰিয়ানাৰ দৰে অসমতো বিজেপি চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে বুলি উল্লেখ কৰে তেওঁ ৷

মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণ লোৱা বজৰং দলৰ যোগেদি অসমত তেওঁলোকে সাম্প্ৰদায়িক সংঘৰ্ষ কৰিব বিচাৰিছে বুলি মন্তব্য কৰে বিবেক দাসে ৷ সশস্ত্ৰ বাহিনী গঠন কৰি হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে গুণ্ডা বাহিনী লৈ অসমতো সাম্প্ৰদায়িক সংঘৰ্ষ কৰিব বিচাৰিছে বিজেপিয়ে বুলি অভিযোগ কৰে চিপিআইএমএলৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে ৷ সোমবাৰে নগাঁৱৰ সাহিত্য সভা ভৱনত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত চিপিআই (এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসে সংবাদ মেল অনুষ্ঠিত কৰি এইদৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক : Teachers involving in student politics: শিক্ষকসমাজ ৰাজনৈতিক দলৰ ভাতৃ সংগঠনৰ সৈতে জড়িত হোৱাটো কিমান গ্ৰহণযোগ্য?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.