ETV Bharat / state

Teachers involving in student politics: শিক্ষকসমাজ ৰাজনৈতিক দলৰ ভাতৃ সংগঠনৰ সৈতে জড়িত হোৱাটো কিমান গ্ৰহণযোগ্য?

author img

By

Published : Aug 7, 2023, 7:21 PM IST

মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষকে ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত যোগদান কৰাৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷

Aasu reaction on teachers involving in student politics
শিক্ষকৰ ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত যোগদান

শিক্ষকৰ ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত যোগদান

মৰিগাঁও, 7 আগষ্ট : শেহতীয়াকৈ অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষই ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত যোগদান কৰিছে ৷ এই লৈ অসমত বিভিন্নজনৰ মাজত ভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷

‘অসমত এগৰাকী শিক্ষাগুৰুৱে কোনোবা ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত আনুষ্ঠানিকভাৱে যোগদান কৰা ঘটনা বোধহয় এইয়াই প্ৰথম । এই ধৰণৰ মহাবিদ্যালয়ৰ শিক্ষক, মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ সংগঠনত যোগদান কৰি প্ৰত্যক্ষভাৱে ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হোৱাটো অত্যন্ত লজ্জাজনক আৰু দূভাৰ্গ্যজনক কথা । একে সময়তে অসমৰ শৈক্ষিক ইতিহাসৰ কাৰণে ই এক কলংকিত অধ্যায়’, সোমবাৰে এই মন্তব্য প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই ।

সোমবাৰে মৰিগাঁও শ্বহীদ ভৱনত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মা ৷ তাত উপস্থিত হৈ উৎপল কুমাৰ শৰ্মাই ৰাজ্যৰ কলেজ শিক্ষক, অধ্যক্ষই ৰাজনৈতিক দলৰ ভাতৃ সংগঠনত যোগদান কৰাটো অতিকে নিন্দনীয় কথা বুলি মত প্ৰকাশ কৰে । সদৌ অসম ছাত্ৰ সন্থাই এই কাৰ্যৰ তীব্ৰ বিৰোধিত কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।

ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই মন্তব্য কৰি কয় যে যেতিয়া কোনো এখন মহাবিদ্যালয়ৰ অধ্যক্ষই কোনোবা ৰাজনৈতিক দলৰ ভাতৃ সংগঠনৰ ভাৱধাৰে পৰিচালিত হ’ব, তেতিয়া সেইখন মহাবিদ্যালয়ৰ শৈক্ষিক তথা বিদ্যায়তনিক দিশটো কেনেদৰে সুস্থ হৈ থাকিব তাক লৈয়ো বিভিন্নজনৰ মাজত প্ৰশ্ন উত্থাপন হ’ব । সমান্তৰালকৈ ছাত্ৰ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকল যদি কোনোবা ৰাজনৈতিক দলত বিশ্বাসী হয় তেতিয়া হ’লে সেইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰিপন্থী ছাত্ৰসকলে যিকোনো বিষয়তে কেনেদৰে ন্যায় লাভ কৰিব সেইয়া এক ডাঙৰ প্ৰশ্ন ?

উল্লেখ্য যে ছাত্ৰনেতা গৰাকীয়ে এই সন্দৰ্ভত কলেজ অধ্যক্ষ পৰিষদ, কলেজ শিক্ষক সন্থাক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰভাৱে আহ্বান জনায় ।

লগতে পঢ়ক : ABVP Press Meet: অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য ভৰ্তি অভিযান, লক্ষ্য 1 লাখ 65 হাজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.