ETV Bharat / state

শিঙিমাৰী চাহ বাগানৰ পথ নিৰ্মাণত ঠিকাদাৰৰ লুণ্ঠন!

author img

By

Published : Aug 27, 2019, 5:32 PM IST

ঠিকাদাৰে পথ নিৰ্মাণত অনিয়ম কৰাৰ অভিযোগ ৰহা সমষ্টিৰ শিঙিমাৰী চাহ বাগানৰ স্থানীয় ৰাইজৰ ৷ নৱ-নিৰ্মিত পথৰ ওপৰেৰে গাড়ী পাৰ হ’লেই খহি পৰে পথত সংযুক্ত প্লেটসমূহ ৷ পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰো অভিযোগ ৰাইজৰ ৷

corruption in road construction at Singimari tea estate, Roha constituency

নগাঁও, 27 আগষ্ট: নগাঁও জিলাৰ গড়কাপ্তানি বিভাগৰ অধীনস্থ কচুৱাৰ শিঙিমাৰী চাহ বাগানৰ পথ নিৰ্মাণত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নিম্ন মানৰ পথ নিৰ্মাণেৰে ৰাইজক জ্বলা কলা খুৱাইছে ঠিকাদাৰে ৷ নিৰ্মাণ কৰি থকা পথটোৰে বাহন পাৰ হ’লেই পুনৰ শোচনীয় হৈ পৰে পথটোৰ অৱস্থা ৷ মস্তোফা ৰহমান নামৰ ঠিকাদাৰজনে নিজৰ মইমতালিৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ ৷ ইফালে কাম আধাতে সামৰি ঠিকাদাৰ গৰাকী অন্তৰ্ধান হোৱাত নগুৰ নাকতি খাইছে লোকসকলে ৷

শিঙিমাৰী চাহ বাগানৰ পথ নিৰ্মাণত অনিয়মৰ অভিযোগ


পূৰ্বৰে পৰা মস্তোফা ৰহমানৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰি আহিছিল ৰাইজে ৷ নিজৰ ভুল স্বীকাৰ কৰি পথটো পুনৰ নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছিল যদিও কোনো পৰিৱৰ্তন দেখা নগ’ল পথ নিৰ্মাণ কাৰ্যত ৷ ইয়াৰোপৰিও, ৰাইজৰ অভিযোগ, বহুবাৰ এই বিষয়ে অৱগত কৰোৱাৰ পাচতো নিৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰি আহিছে গড়কাপ্তানি বিভাগে ৷ সেয়েহে অতি শীঘ্ৰে এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান শিঙিমাৰীৰ স্থানীয় ৰাইজৰ ৷

Intro:ৰহা সমষ্টিৰ শিঙিমাৰী চাহ বাগানত পথ নিৰ্মানত অনিয়ম । ঠিকাদাৰৰ লুণ্ঠনৰ বিৰুদ্ধে সৰৱ ৰাইজ ।

Anchor= গড়কাপ্তানী বিভাগৰ ঠিকাদাৰক নাকী লগাব পৰা নাই পৰিবৰ্তন গামী চৰকাৰে ।সেয়ে ৰাজ্যত প্ৰতিদিনে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মান কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে । নগাওঁ জিলাৰ গড়কাপ্তানী বিভাগৰ অধিনষ্ঠ কচুৱাৰ শিঙিমাৰী চাহ বাগানত নিৰ্মান কৰি থকা পথটোত ঠিকাদাৰে নিজা মইমতালিৰে কাম কৰি ব্যাপক অনিয়ম কৰি লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছটো নিৰৱ দৰ্শক গড়কাপ্তানী বিভাগ ।
Body:Vo=দূৰ্নীতিত শূন্য সহনশীলতাৰ চৰকাৰৰ দিনত নিৰ্মানৰত অৱস্থাত থকা এটা পথ । নিৰ্মান কৰি থকা অৱস্থাতে এখন গাড়ী পাৰ হব নোৱাৰে পথটোৰে । গাড়ী পাৰ হলেই বহি যায় পথটো । হয়, নগাওঁ জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ শিঙিমাৰী চাহ বাগানত নিৰ্মান কৰি থকা হৈছে এই পথটো । পথটোৰ নিৰ্মানত ঠিকা লাভ কৰিছিল মস্তোফা ৰহমানৰ নামৰ ঠিকাদাৰ জনে । কিন্তু চাঁৱক এই দৃশ্য, ঠিকাদাৰ জনে নিজা মইমতালিৰে পথ নিৰ্মান কাম কৰি ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে । চিচি ব্লক দি নিৰ্মান কৰি থকা পথটোত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । ৰাইজে অভিযোগ দিলেও কানষাৰ নিদিয়ে ঠিকাদাৰ জনে । ৰাইজৰ অভিযোগ বিভাগীয় বিষয়াৰ আগত ৰাইজে অভিযোগ দিয়া পিছত ঠিকাদাৰ গৰাকীয়ে ভুল স্বীকাৰ কৰি পথটো পুনৰ নিৰ্মানৰ আশ্বাস দিছিল যদিও বিষয়া সকল যোৱাৰ পিছত পুনৰ আগৰ দৰেই মইমতালি কৰিব লয় ঠিকাদাৰে । যাৰ বাবে পথটো নিৰ্মানৰত অৱস্থাতে এখন গাড়ী পাৰ হলে বহি যায় পথটো ৷
Byte=স্থানীয় ৰাইজ ৷
Conclusion:Vo=এতিয়া প্ৰশ্ন হয়, এনেবোৰ দূৰ্নীতি গ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহন কৰিবনে দূৰ্নীতিত শূন্য সহনশীলতাৰ কথা কোৱা ৰাজ্যৰ বিজেপি চৰকাৰ খনে ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.