ETV Bharat / state

Girls Labour at Kaliabor : চৰকাৰী কৰ্মচাৰীৰ তত্বাৱধানতে ধোঁৱা চাঙত বেটী বচাও বেটী পঢ়াও অভিযান

author img

By

Published : May 2, 2022, 8:11 PM IST

শ্ৰেণীকোঠা এৰি পঞ্চায়তৰ আঁচনিৰ কামত লাগিল ছাত্ৰী ৷ 'বেটী বচাও, বেটী পঢ়াও' অভিযানৰ বিপৰীত ছবি কলিয়াবৰত কেৱল শ্ল'গানতে সীমাবদ্ধ 'বেটী বচাও, বেটী পঢ়াও' অভিযান (Girls Labour at Kaliabor) ৷

the-village-panchayat-has-been-engaged-in-various-schemes-work-of-girl-child-labour
চৰকাৰী কৰ্মচাৰীৰ তত্বাৱধানতে ধোঁৱা চাঙত বেটী বচাও বেটী পঢ়াও অভিযান

কলিয়াবৰ, 2 মে’ : পুত্ৰ সন্তানৰ দৰেই কন্যা সন্তানকো সকলো সা-সুবিধা প্ৰদানেৰে জীয়াই থকাৰ মৰ্যাদা প্ৰদানৰ লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ‘বেটী বচাও, বেটী পঢ়াও’ শীৰ্ষক আঁচনিখন ৰূপায়ণ কৰিছিল ৷ উক্ত আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত হাৰিয়ানাত উন্মোচন কৰিছিল (Beti Bachao Beti Padhao scheme) ।

উক্ত আঁচনিৰ অধীনত কন্যা সন্তানৰ জীৱন ধাৰণ সুনিশ্চিত কৰাৰ লগতে কন্যা সন্তানৰ জীৱনলৈ আহিব পৰা অনিশ্চয়তা দূৰীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে দিনক দিনে ছোৱালীৰ সংখ্যা হ্ৰাস পোৱাটো ৰোধ কৰাৰ উদ্দেশ্যে উক্ত আঁচনিখন সমগ্ৰ দেশতে ৰূপায়ণ কৰা হৈছে । কিন্তু সম্প্ৰতি কলিয়াবৰত ইয়াৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে ৷

চৰকাৰী কৰ্মচাৰীৰ তত্বাৱধানতে ধোঁৱা চাঙত বেটী বচাও বেটী পঢ়াও অভিযান

কলিয়াবৰৰ গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনিৰ কামত একাংশ কন্যা শিশু শ্ৰমিকক লগাইছে পঞ্চায়তৰ বিষয়ববীয়াই (Girls Labour at Kaliabor) । যি সময়ত ভাৰতবৰ্ষত 'বেটী বচাও, বেটী পঢ়াও' অভিযানেৰে দেশৰ কন্যা সন্তানক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰা হৈছে তেনে সময়তে কলিয়াবৰ এই দৃশ্যই উদঙাই দিছে এই আঁচনিসমূহৰ প্ৰকৃত স্বৰূপ ৷ ইফালে চকু মুদা কুলিৰ ভাৱত পশ্চিম কলিয়াবৰ ব্লকৰ বিষয়া-কৰ্মচাৰী তথা শ্ৰম বিভাগ ৷ সম্প্ৰতি হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া সময়তহে হ'ব লক্ষণীয় ৷

লগতে পঢ়ক : সৰিয়হৰ ডুলিতে ভূত: তিনিজনকৈ আৰক্ষী বিষয়াৰ চৌহদতে চোৰৰ লুট-পাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.