ETV Bharat / state

Junmoni Rabha death case: জোনমণিৰ মাতৃৰ এজাহাৰত নাম থকা আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদক জেৰা CBI ৰ

author img

By

Published : Jun 18, 2023, 4:37 PM IST

CBI য়ে আৰম্ভ কৰা SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ আজি চতুৰ্থটো দিন ৷ ইতিধ্যেই জোনমণি ৰাভাৰ পৰিয়ালক সাক্ষাৎ কৰি ভাষ্য গ্ৰহণ কৰিছে CBIৰ দলটোৱে ৷ আনহাতে দেওবাৰে জোনমণিৰ মাতৃৰ এজাহাৰত নাম থকা ধিং আৰক্ষী থানাৰ তদানীন্তন OC ৰাজা ইৰ্শ্বাদ CBIৰ জেৰাৰ সন্মুখীন হয় ৷

Junmoni Rabha death case
Junmoni Rabha death case

আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদক জেৰা CBIৰ

নগাঁও, 18 জুন: ক্ষীপ্ৰতাৰে আগবাঢ়িছে SI জোনমণি ৰাভাৰ ৰহস্যজনক তদন্ত ৷ দেওবাৰে নগাঁৱত তদন্তকাৰী CBI ৰ সন্মুখত হাজিৰ হ’ল ধিং আৰক্ষী থানাৰ তদানীন্তন আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদ ৷ স্মৰ্তব্য যে, আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদ জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰত নাম থকা এগৰাকী অন্যতম অভিযুক্ত ৷

উল্লেখ্য যে, জোনমণিৰ মৃত্যু ঘটনাৰ তদন্তৰ বাবে বিগত চাৰি দিনে নগাঁৱত বাহৰ পাতি আছে CBIৰ DIG লাভলি কাটিয়াৰৰ নেতৃত্বত তদন্তকাৰী দলটো ৷ দেওবাৰে নগাঁও আৱৰ্ত ভৱনত থকা CBI ৰ দলটোৱে তলব কৰে জোনমণি ৰাভাৰ মৃত্যুত নাম সাঙোৰ খোৱা ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদক ৷

ইতিমধ্যেই SI জোনমণি ৰাভাৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হ’ল ৷ ইফালে আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদৰ বিৰুদ্ধে আছে জোনমণিৰ মাতৃক উকা কাগজত চহী কৰোৱা, জোনমণিৰ মাতৃৰ ম’বাইলৰ পৰা তথ্য নষ্ট কৰা ইত্যাদি অভিযোগ ৷

জোনমণিৰ মৃত্যুৰ পাচতে মাতৃ সুমিত্ৰা ৰাভাই আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে আৰক্ষীৰ বিষয়া আভাজ্যোতি ৰাভা, ৰাজা ইৰ্শ্বাদ আদিৰ বিৰুদ্ধে জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি নগাঁৱৰ জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ সম্প্ৰতি এই গোচৰটোৰো তদন্ত কৰিছে CBIৰ দলটোৱে ৷

ইফালে জোনমণিৰ মাতৃৰ এজাহাৰৰ পাচত SP লীনা দলে, আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ লগতে কেইবাগৰাকী আৰক্ষী বিষয়াক নগাঁও জিলাৰ পৰা বদলি হৈছিল যদিও ৰাজা ইৰ্শ্বাদৰ বিৰুদ্ধে গ্ৰহণ কৰা হোৱা নাছিল কোনো ব্যৱস্থা ৷ কিন্তু এইবাৰ CBIৰ জালত পৰাৰ সম্ভাৱনা আছে ৰাজা ইৰ্শ্বাদ ৷ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাৰ সন্মুখতেই CBIয়ে ৰাজা ইৰ্শ্বাদক জেৰা চলোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

লগতে পঢ়ক: Junmoni Rabha death case : নগাঁৱত বাহৰ পাতি চিবিআইয়ে অব্যাহত ৰাখিছে তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.