ETV Bharat / state

চামগুৰিত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : May 17, 2021, 9:10 PM IST

সান্ধ্য আইনৰ মাজতেই চামগুৰিত জব্দ চোৰাংকৈ সৰবৰাহ কৰা ৩৫টাকৈ গৰু ভৰ্তি এখন ট্ৰাক ৷ লগতে আৰক্ষীয়ে আটক কৰে ৩জন সৰবৰাহকাৰীক ।

চামগুৰিত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ
চামগুৰিত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

চামগুৰি,17 মে’: সোমবাৰে সন্ধিয়া চামগুৰিত জব্দ হৈছে চোৰাংকৈ সৰবৰাহ কৰা 35 টাকৈ গৰু ভৰ্তি এখন ট্ৰাক ৷ লগতে আটক হৈছে 3জনকৈ সৰবৰাহকাৰী ৷

চামগুৰিৰ বৰমা অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এক গোপন সূত্ৰৰ ভিত্তিত গেৰুৱামুখৰ পৰা চামগুৰি আৰক্ষীয়ে জব্দ কৰে AS 07 AC 6252 নম্বৰৰ চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তী ট্ৰাকখন ৷ উল্লেখ যে, চামগুৰিৰ বৰমা, বাজিয়াগাঁও, পেনাই আদিকে ধৰি বিভিন্ন অঞ্চলত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় ।

চামগুৰিত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ
চামগুৰিত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

সান্ধ্য আইনৰ মাজতো কি দৰে চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি গাড়ী সমূহ চলাচল কৰিব পাৰিছে তাকে লৈ প্ৰশ্নৰ উত্থাপন হৈছে সচেতন মহলৰ মাজত ।

আৰক্ষীৰ চকুত ধূলি দি গৰু সৰবৰাহৰ লগত জড়িত থকা দালাল চক্ৰই আজিকোপতি অবৈধভাৱে গৰু ব্যৱসায় চলাই থকাৰ অভিযোগ সঘনে উত্থাপন হৈ আহিছে । অবৈধভাৱে গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত সকলৰ লগতে সক্ৰিয় হৈ থকা গৰুৰ দালাল চক্ৰবোৰ উৎখাতৰ বাবে আৰক্ষীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহন কৰিব, পৰৱৰ্তী সময়ত সেয়া হ’ব লক্ষণীয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, নগাঁও আৰক্ষীয়ে ইতিমধ্যে সোমবাৰে উদ্ধাৰ হোৱা গৰুৰ সৰবৰাহকাৰী চক্ৰটোৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: বাঘমৰাৰ এখন গাঁৱক কন্টেইনমেন্ট জ’ন ৰূপে ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.