অৱশেষত ৰঙাঘৰৰ আলহী হ’ল কুখ্যাত দালাল ইছফাকুৰ

author img

By

Published : Sep 19, 2021, 1:09 PM IST

broker-arrested-by-nagaon-police

শনিবাৰে নিশা নগাঁৱৰ কুখ্যাত দালাল ইছফাকুৰ ৰহমানক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ(Nagaon Police) ৷ লগতে ধৃত দালালটোৰ বাসগৃহৰ পৰা তিনি বেগ কেছ ডায়েৰী আৰু ভুৱা নথি-পত্ৰও জব্দ কৰা হয় ৷ জানিব পৰা মতে, জিলাখনৰ বটদ্ৰৱা, ধিং, জুৰীয়া, দ-গাঁও আদি কেইবাখনো থানাত এজাহাৰ লিখাৰ নামত দালালি কৰি আহিছিল দালালটোৱে ৷

ৰূপহীহাট, 19 ছেপ্তেম্বৰ : নগাঁও আৰক্ষীৰ(Nagaon Police) জালত পৰিছে ইছফাকুৰ ৰহমান নামৰ কুখ্যাত দালালটো ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ(Anand Mishra) দালালটোক লৈ কৰা মন্তব্যৰ পাচতেই গ্ৰেপ্তাৰ কৰা হয় ইছফাকুৰক ৷ নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত শনিবাৰে নিশা বটদ্ৰৱা আৰক্ষী থানাৰ পৰা গ্ৰেপ্তাৰ কৰে দালাল ইছফাকুৰ ৰহমানক ।

ৰঙাঘৰৰ আলহী হ’ল কুখ্যাত দালাল ইছফাকুৰ

ইফালে ধৃত দালালটোৰ বাসগৃহত অভিযান চলাই তিনি বেগ কেছ ডায়েৰী জব্দ কৰে আৰক্ষীয়ে ৷ জিলাখনৰ বটদ্ৰৱা, ধিং, জুৰীয়া, দ-গাঁও আদি কেইবাখনো থানাত ইছফাকুৰে এজাহাৰ লিখাৰ নামত দালালি কৰি আহিছিল ৷ একাংশ দুৰ্নীতি পৰায়ণ আৰক্ষী বিষয়াৰ সৈতে মিতিৰালি কৰি সাধাৰণ ৰাইজক ভয়-ভাবুকিৰে অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছিল দালালটোৱে ।

আনকি, থানাৰ কেছ ডায়েৰী থানাৰ পৰিৱৰ্তে নিজৰ বাসগৃহতেই দীৰ্ঘদিন ধৰি নিজেই লিখি আহিছিল । এই চক্ৰান্তৰে দালাল ইছফাকুৰ ৰহমানৰ সহযোগত বহুকেইটা কুখ্যাত ড্ৰাগছ(Drugs) সৰবৰাহকাৰীয়ে আইনৰ চকুত ধূলি দি জামিন লাভ কৰিবলৈ সক্ষম হৈছিল ।

শনিবাৰে নিশা 11 বজালৈকে ৰূপহীহাটৰ জুৰীয়া গৰিয়া কাৱৈমাৰীস্থিত ইছফাকুৰৰ বাসগৃহত অভিযান চলাই কেছ ডায়েৰীৰ লগতে নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । সম্প্ৰতি দাদালটোক আৰক্ষীৰ জিম্মাত ৰাখি সোধ-পোচ আৰম্ভ কৰা হৈছে ৷ ঘটনাৰ সম্পূৰ্ণ তদন্তৰ অন্ততহে উদঘাটন হ’ব ন ন তথ্য ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত হেৰ'ইনসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.