ডিব্ৰুগড়ত হেৰ'ইনসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

author img

By

Published : Sep 19, 2021, 7:26 AM IST

Drugs Peddler arrested at Dibrugarh

ডিব্ৰুগড়ত অব্যাহত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

ডিব্ৰুগড়, 19 ছেপ্তেম্বৰ : চলিত বছৰত আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে । সমান্তৰালকৈ বহু ড্ৰাগছ সৰবৰাহকাৰীকো (Drugs Peddler) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ডিব্ৰুগড়ত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । শনিবাৰে ডিব্ৰুগড়ৰ চহৰৰ জপৰা গাঁৱৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজন নিজুমুদ্দিন আহমেদ (24) বুলি জানিব পৰা হৈছে ৷

Drugs Peddler arrested at Dibrugarh
ডিব্ৰুগড়ত হেৰ'ইনসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

নিজুমুদ্দিনৰ পৰা আৰক্ষীয়ে ১৩ টাকৈ হেৰ'ইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে । ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক এচ জে বৰুৱা আৰু নগৰ পৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীয়ে এটা দলে চলাইছিল এই অভিযান ৷ নিজুমুদ্দিনৰ ঘৰ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ ৰে’ল গেটৰ সমীপত ৷ কিন্তু আৰক্ষীৰ চকুত ধুলি দি জপৰা গাঁও হৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে কৰায়ত্ত কৰে নিজুমুদ্দিনক ।

লগতে পঢ়ক : পত্নীক দাৰে ঘপিয়াই নিৰ্যাতন চলোৱা ডাক্টৰ ছাৰে নিয়মিত লৈছিল ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.