ETV Bharat / state

Bhutan king visit at kaziranga:কাজিৰঙাত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 5:08 PM IST

Updated : Nov 4, 2023, 5:14 PM IST

কাজিৰঙাত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক ৷ অসম ভ্ৰমণৰ দ্বিতীয় দিনা ৱাংচুকে কাজিৰঙাৰ আই অ’ আৰ এ ৰিট্ৰিটত উপস্থিত হয় ৷

Bhutan king visit at kaziranga
কাজিৰঙাত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক

কাজিৰঙাত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক

তেজপুৰ, 4 নৱেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকৰ অসম ভ্ৰমণৰ আজি দ্বিতীয় দিন ৷ শনিবাৰে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় ৰজা ৱাংচুক ৷ আজি বিয়লিৰ ভাগত কাজিৰঙাৰ আই অ আৰ এ ৰিট্ৰিটত উপস্থিত হোৱা ৱাংচুক উষ্ম আদৰণি জনাই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু অতুল বৰাই ৷

Minister Atul Bora welcomed the King of Bhutan
ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আদৰণি জনায় মন্ত্ৰী অতুল বৰাই

আজি বিয়লিৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ বান শিবিৰৰ পৰা জীপ চাফাৰী কৰি মিহিমুখত হাতীৰ গা-ধুৱা দৃশ্য উপভোগ কৰে ৰজাগৰকীয়ে ৷ ইফালে আই অ আৰ এত ৰজা ৱাংচুকে পৰিৱেশকৰ্মীৰ সৈতে অন্তৰংগ আলোচনাত মিলিত হ’ব বুলিও জানিব পৰা গৈছে । আনহাতে ৰজা ৱাংচুকে প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিদৰ্শন কৰিছে ।

Minister Atul Bora welcomed the King of Bhutan
ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আদৰণি জনায় মন্ত্ৰী অতুল বৰাই

ইয়াৰ পূৰ্বে আজি গুৱাহাটীত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে শিক্ষা বিষয়া, পৰিৱেশ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে ৰজাগৰাকীয়ে । আনহাতে ভূটানৰ ৰজাগৰাকী অসমত উপস্থিত হোৱাৰ পূৰ্বে অসম চৰকাৰে সদিচ্ছাৰ ইংগিত হিচাপে বুধবাৰে ৰাজ্যিক কেবিনেটে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

Minister Chandra Mohan Patowary welcomed the King of Bhutan
ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আদৰণি জনায় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমৰ মেডিকেল কলেজত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে আসন সংৰক্ষণত অনুমোদন জনাইছিল ৷ নলবাৰী মেডিকেল কলেজ হাস্পিতালত দুখন আৰু ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পিতালত এখন আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

Minister Chandra Mohan Patowary welcomed the King of Bhutan
ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আদৰণি জনায় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ ৰজাক সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হয় ৷ বৈঠকত অসম আৰু ভূটান সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ৷ ভূটানৰ ৰজাক সাক্ষাৎ কৰাৰ পিচত মুখ্যমন্ত্ৰী শৰ্মাই X (টুইটাৰ) ত এইদৰে কয়, ‘‘ "তেওঁৰ ভ্ৰমণ অসমৰ বাবে এক ডাঙৰ সন্মান ৷ এই ভ্ৰমণ আমাৰ ৰাষ্ট্ৰসমূহৰ মাজৰ প্ৰাচীন সম্পৰ্কৰ এক সাক্ষ্য, যাৰ উদাহৰণ হৈছে শৈক্ষিক সংযোগ, আন্তঃগাঁথনিৰ অংশীদাৰিত্ব, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা, আধ্যাত্মিক ঐতিহ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক ৷’’

Bhutan king gets a warm welcome in Kaziranga
ভূটানৰ ৰজাক কাজিৰঙাত উষ্ম আদৰণি

লগতে পঢ়ক:Bhutan King Assam Visit : গুৱাহাটীত ভূটানৰ ৰজাৰে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Nov 4, 2023, 5:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.