ETV Bharat / state

নগাঁৱত ভাৰত বন্ধৰ সমৰ্থকক আটক

author img

By

Published : Mar 29, 2022, 2:14 PM IST

bharat-bandh-supporters-detained-in-nagaon
নগাঁৱত ভাৰত বন্ধৰ সমৰ্থকক আটক

নগাঁৱত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ(Bharat Bandh effect in Nagaon) ৷ বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহা চিআইটিইউৰ কৰ্মীসকলক আটক(Bharat Bandh supporters detained) কৰে আৰক্ষীয়ে ৷

নগাঁও, 29 মাৰ্চ: চিআইটিইউ-এ জনোৱা ভাৰত বন্ধৰ (CITU Bharat bandh) মঙলবাৰে দ্বিতীয়টো দিন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ বন্ধৰ সমৰ্থকসকলে দেশজোৰা ধৰ্মঘটৰ অংশ হিচাপে চকা বন্ধ কাৰ্যসূচী পালন কৰে ৷ নগাঁৱতো বন্ধৰ মিশ্ৰিত প্ৰভাৱ(Bharat Bandh effect in Nagaon) পৰা পৰিলক্ষিত হৈছে ৷ বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহা চিআইটিইউৰ কৰ্মীসকলক আটক(Bharat Bandh supporters detained) কৰে আৰক্ষীয়ে ৷

নগাঁৱত ভাৰত বন্ধৰ সমৰ্থকক আটক

কেইবাটাও দাবী উত্থাপন কৰি সংগঠনটোৱে আহ্বান জনাইছিল এই দুদিনীয়া ভাৰত বন্ধৰ ৷ যাক সমৰ্থন জনাই চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ মঙলবাৰে পুৱা ৰাজপথলৈ ওলাই আহিছিল নিৰ্মাণ শ্ৰমিক সন্থা, ৰান্ধনী সন্থাৰ লগতে আন কেইবাটাও সংগঠনৰ প্ৰতিবাদকাৰী সদস্যসকল ৷ প্ৰায় 14 গৰাকীকৈ প্ৰতিবাদকাৰীক নগাঁও আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে ৷ নগাঁও ষ্টেট বেংকৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে সংগঠনকেইটাৰ নেতা, কৰ্মীসকলক ৷

উল্লেখ্য যে, বন্ধৰ সময়চোৱাত সম্পূৰ্ণৰূপে চলাচল বন্ধ হৈ পৰে যাত্ৰীবাহী বাহনৰ ৷ বিপৰীতে ব্যক্তিগত বাহনসমূহকহে ৰাজপথত দেখা যায় ৷ নগাঁৱৰ উপৰিও কলগাছিয়াতো বন্ধৰ প্ৰথম দিনটোত প্ৰতিবাদকাৰীসকলক আটক(Bharat Bandh supporters detained in Kalgachia) কৰিছিল আৰক্ষীয়ে ৷

লগতে চাওক: Price hike in Assam : ১ এপ্ৰিলৰ পৰা ৮০০ বিধ ঔষধত ১০.০৮ % কৈ হ’ব মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.