ETV Bharat / state

কাজিৰঙালৈ সুখৰ বাৰ্তা : বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত

author img

By

Published : Jan 9, 2020, 12:34 PM IST

যোৱাটো বৰ্ষত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত সংঘটিত হোৱা নাই কোনো গঁড় হত্যাৰ ঘটনা ৷ অৱশ্যে গোলাঘাট জিলাত দুটা আৰু বিশ্বনাথ জিলাত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল 2019 বৰ্ষত ৷ ইয়াৰ পূৰ্বে  চোৰাং চিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন যজ্ঞ চলায় নিয়াত বন বিভাগ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷

বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত
বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত

কলিয়াবৰ,9 জানুৱাৰী : বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গঢ়িলে অভিলেখ ৷ 2019 বৰ্ষতো বিশেষভাৱে স্মৰণীয় হৈ ৰ'ব বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি কাজিৰঙাৰ বাবে ৷ যোৱাটো বৰ্ষত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত সংঘটিত হোৱা নাই কোনো গঁড় হত্যাৰ ঘটনা ৷ অৱশ্যে গোলাঘাট জিলাত দুটা আৰু বিশ্বনাথ জিলাত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল 2019 বৰ্ষত ৷ বিগত দহ বছৰৰ ভিতৰত এইয়াই হৈছে গঁড় হত্যাৰ সৰ্বনিম্ন হাৰ ৷ যিটো খবৰে আশাৰ বতৰা কঢ়িয়াইছে কাজিৰঙালৈ ৷

Bagori and Burhapahar Range of KNP Shined with
আশাৰ বতৰা কঢ়িয়াইছে কাজিৰঙালৈ

ইয়াৰ পূৰ্বে চোৰাং চিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন যজ্ঞ চলায় নিয়াত বন বিভাগ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ কিন্তু যোৱা বৰ্ষটোত সকলোৰে সহযোগত নগাঁও আৰক্ষীয়ে দেখুৱালে কৰ্তব্য নিষ্ঠাৰ অপূৰ্ব নিদৰ্শন ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে গঁড় সুৰক্ষাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু তদানীন্তন আৰক্ষী বিষয়া দেবেন বৰাৰ লগতে জখলাবন্ধা আৰক্ষীক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জনায় মানপত্ৰ আৰু নগদ ধনৰ উপহাৰ প্ৰদান কৰে ৷

বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত

শেহতীয়াকৈ এক অনুষ্ঠানত নগাঁৱৰ আৰক্ষী অধীক্ষকে গঁড় হত্যাৰোধত কোনো নিৰ্দিষ্ট বিভাগক কৃতিত্ব দিয়াৰ পৰিৱৰ্তে বন বিভাগ, আৰক্ষী, গাঁওৰক্ষী বাহিনী, কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ, সংবাদসেৱী, অৰণ্যক আৰু বিশ্ব বন্যপ্ৰাণী সংস্থাক কৃতিত্ব প্ৰদান কৰে৷ আগন্তুক সময়ৰ বাবেও 2019 বৰ্ষৰ দৰে গঁড় হত্যা ৰোধৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ পণ ল'লে সংশ্লিষ্ট সকলো পক্ষই ৷

লগতে চাওকঃছয়গাঁও উকিয়াম পথেৰে সৰবৰাহ হয় চোৰাং কয়লা

Intro:বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্থাপন হ'ল অভিলেখ

শূণ‍্য গঁড় নিধনেৰে জিলিকিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল

যোৱা ২০১৯ বৰ্ষটোত চোৰাং চিকাৰীৰ হাতত নিহত নহ'ল এটাও গঁড়Body:বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বাবে ২০১৯ বৰ্ষটো উল্লেখনীয়ভাৱে চিহ্নিত হৈ ৰ'ব। সমগ্ৰ বিশ্ব তথা দেশৰ বাবে এই অভিলেখে আশাৰ বতৰা কঢ়িয়াই আনিছে। কিয়নো যোৱা বৰ্ষ অৰ্থাৎ ২০১৯ চনটোত নগাঁও জিলাৰ কলিয়াবৰ মহকুমা এলেকাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুটাকৈ বনাঞ্চল বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত চোৰাং চিকাৰীৰ হাতত নিধন নহ'ল এটাও গঁড়। ইয়াৰ আগৰ বৰ্ষসমূহত চোৰাং চিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত গঁড় নিধন যজ্ঞ চলাই নিয়াত বন বিভাগ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল।
কিন্তু যোৱা বৰ্ষটোত সকলোৰে সহযোগত নগাঁও আৰক্ষীয়ে দেখুৱালে কৰ্তব্যনিষ্ঠাৰ অপূৰ্ব নিদৰ্শন। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে গঁড় সুৰক্ষাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু তদানীন্তন আৰক্ষী বিষয়া দেবেন বৰাৰ ঐকান্তিক প্ৰচেষ্টাৰে গঁড় সুৰক্ষাৰ দিশত দেখুওৱা জখলাবন্ধা আৰক্ষীক আনুষ্ঠানিকভাৱে জনালে কৃতজ্ঞতা, প্ৰদান কৰিলে মানপত্ৰ আৰু নগদ ধনৰ উপহাৰ। শেহতীয়াকৈ এক অনুষ্ঠানত নগাঁৱৰ আৰক্ষী অধীধকে গঁড় হত্যাৰোধত কোনো নিৰ্দিষ্ট বিভাগক কৃতিত্ব দিয়াৰ সলনি কৃতিত্ব দিলে বন বিভাগ, আৰক্ষী, গাওঁৰক্ষী বাহিনী, কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ, সংবাদসেৱী, আৰণ্যক আৰু বিশ্ব বন্যপ্ৰাণী সংস্থাক। লগতে আহি থকা সময়বোৰতো ২০১৯ বৰ্ষৰ গঁড় নিধন নোহোৱাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ পণ ল'লে সংশ্লিষ্ট সকলো পক্ষই।Conclusion:Visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.