ETV Bharat / state

Badruddin Ajmal updates: দিল্লীয়ে বিচাৰিলে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু আজমল; তথাপিও প্ৰদেশ কংগ্ৰেছক কটাক্ষ

author img

By

Published : May 7, 2023, 9:47 PM IST

Badruddin Ajmal
Badruddin Ajmal

কংগ্ৰেছ দল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পকেটত ৷ হিমন্ত বিশ্ব শৰ্মাৰ কথামতে কাম কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ এই বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ (Badruddin Ajmal slams Bhupen Borah) ৷ ভূপেন বৰাই নিদিলেও দিল্লীয়ে বিচাৰিলে কংগ্ৰেছৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতা কৰিবলৈ সাজু আজমল ৷

কংগ্ৰেছৰ সৈতে 11 দলৰ মিত্ৰতাক লৈ আজমলৰ কি মন্তব্য ?

নগাঁও, 7 মে’: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি (Lok Sabha election 2024) ৷ আজমলক এসেকা দিয়াৰ লগতে বিজেপিক উৎখাত কৰাৰ উদ্দেশ্যৰে ইতিমধ্যেই 11 টাকৈ ৰাজনৈতিক দলে কংগ্ৰেছৰ নেতৃত্বত লোকসভা নিৰ্বাচনক বাবে একত্ৰিত হৈছে ৷ এই সন্দৰ্ভত নগাঁৱত AIUDFৰ পৰ্যালোচনা বৈঠকত অংশ লৈ এক সংবাদমেল সম্বোধন কৰি কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে (Ajamal on congress alliance) ৷

‘‘দিল কে হাজাৰ টুকৰে হুৱে, কৌই ইধৰ গিৰা কৌই উধৰ গিৰা ৷’’ নিৰ্বাচনৰ পিচত কংগ্ৰেছৰ 11 দলৰ মিত্ৰতাৰ অৱস্থা হ'ব এনেকুৱাই ৷ আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে হোৱা 11 টাকৈ ৰাজনৈতিক দলৰ মিত্ৰতাক লৈ এই ভৱিষ্যদ্বাণী কৰিলে এআইইউডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে (Badruddin Ajmal on Lok Sabha election) ৷

সংবাদমেলত বৰ্তমানৰ অসম কংগ্ৰেছ হিমন্তৰ পকেটত বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই আজমলে ৷ ইফালে, বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা ৰাজনৈতিক দলসমূহৰ ভিতৰত কেৱল কংগ্ৰেছৰহে কিছু অস্তিত্ব থকা বুলি উল্লেখ কৰি আন ৰাজনৈতিক দলৰ কোনো অস্তিত্ব নথকা বুলিয়েই ক’ব খুজিলে বদৰুদ্দিন আজমলে (Assam congress alliance) ৷

বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থকা বুলি উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছে বিজেপিৰ হৈ কাম কৰি আছে বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইংগিততেই কাম কৰে বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷ আনকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি, ৰাইজৰ দলৰ সভাপতি অখিল গগৈকো হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি বিস্ফোৰক মন্তব্য কৰিলে সাংসদ বদৰুদ্দিন আজমলে ৷

ইফালে, কংগ্ৰেছৰ দিল্লীৰ নেতৃত্বই বিচাৰিলে মিত্ৰতা কৰিবলৈ আগ্ৰহী বুলিও মন্তব্য কৰিলে AIUDFৰ সভাপতিগৰাকীয়ে (AIUDF alliance with Congress) ৷ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভতো নগাঁৱত মন্তব্য কৰিলে বদৰুদ্দিন আজমলে । কলিয়াবৰ আৰু নগাঁৱতো এআইএইউডিএফ দলে প্ৰাৰ্থী দিয়াৰ কথাও উল্লেখ কৰে আজমলে ৷ নগাঁৱত লোকসভা সমষ্টিত আদিত্য লাংথাছা প্ৰাৰ্থী হ'ব পাৰে বুলিও ইংগিত দিলে আজমলে ৷

উল্লেখযোগ্য যে, কলিয়াবৰ লোকসভা সমষ্টিত এআইইউডিএফে প্ৰাৰ্থীত্ব দিলে বৰ্তমানৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক: Bhupen Bora: এইবাৰ আজমলৰ দুৰ্গ উৎখাট কৰিব কংগ্ৰেছে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.