ETV Bharat / state

অগপৰ দিনতে নিৰ্মিত এটা পথে এতিয়া মেৰামতি অবিহনে জৰাজীৰ্ণ ৰূপ লৈছে

author img

By

Published : Jun 11, 2021, 2:18 PM IST

কলিয়াবৰৰ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী এটা ব্যস্ত পথ দীৰ্ঘদিনে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লৈছে ৷ প্ৰতি বছৰে বাৰিষা কালত জীয়াতু ভোগে এই পথছোৱাৰে অহা যোৱা কৰা গাঁওবাসীয়ে কিন্তু ,কৰ্তৃপক্ষই পকীপথ নিৰ্মাণ দূৰৰে কথা মেৰামটি কৰিও দিয়া নাই জৰাজীৰ্ণ পথচোৱা ৷

A_KLBR_Jun_10_02_Road_of_Rain_at_Kaliabor_Bite_Vis_ASC10014
অগপৰ দিনতে নিৰ্মিত এটা পথে এতিয়া মেৰামতি অবিহনে জৰাজীৰ্ণ ৰূপ লৈছে

কলিয়াবৰ, 11 জুন : কলিয়াবৰৰ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী এটা ব্যস্ত পথ, প্ৰায় তিনি কিলোমিটাৰৰ এই পথছোৱা ৰাইজৰ বহু অনুৰোধৰ পাছতো পকীকৰণ দূৰৰে কথা মেৰামতিও হৈ উঠা নাই ৷ ইয়াৰ ফলত প্ৰতি বছৰে বাৰিষা কালত জীয়াতু ভোগে এই পথছোৱাৰে অহা যোৱা কৰা গাঁওবাসীয়ে ৷

উল্লেখ্য যে একেটা পথৰে দৈনিক কেইবা শতাধিক পথাচাৰী পাৰ হয় । বাৰিষাতো বাদেই খৰালিতো এজাক বৰষুণ দিলেই বোকাময় হৈ পৰে এই পথচোৱা । স্থানীয় অঞ্চলবাসীৰ অভিযোগ অনুসৰি বহু বছৰ ধৰি এইচোৱা পথৰ দুৰৱস্থাই অঞ্চলবাসীক তিক্ততা ভুগাই আহিছে । গাড়ী-মটৰচাইকেল-চলাই যোৱাটো দূৰৈৰ কথা সেই পথৰে খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লগা হয় গাঁওবাসী ।

অগপৰ দিনতে নিৰ্মিত এটা পথে এতিয়া মেৰামতি অবিহনে জৰাজীৰ্ণ ৰূপ লৈছে

ইফালে আপাদকালীন পৰিস্থিতিত ৰোগী নিবলৈ অহা ১০৮ এম্বুলেঞ্চো আধাবাটতে থমকি ৰ’ব লগা হয় পথৰ দুৰৱস্থাৰ বাবে ৷ স্কুল-কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰো একেই অৱস্থা ৷

১৯৮৫ চনত গঠন হোৱা তদানীন্তন অগপ চৰকাৰৰ দিনতে এই গাঁৱলীয়া পথচোৱা শিল-বালিৰে নিৰ্মাণ কৰাৰ পাছত মেৰামতিৰ অভাৱত সম্প্ৰতি যাতায়তৰ অনুপযোগী হৈ উঠিছে । অৱশেষত, স্থানীয় লোকসকলে নিজেই পথলৈ ওলায় আহি কোৰ মাৰি পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰে । ইয়াৰ লগতে , সংশ্লিষ্ট বিভাগক শীঘ্ৰেই পথটো পকীকৰণ কৰাৰ দাবী তোলে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক : লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ যৌথ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.