ETV Bharat / state

নাৰীৰ বিৰুদ্ধে হিংসা ৰোধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনৰ পৰামৰ্শমূলক কৰ্মশালা

author img

By

Published : Dec 7, 2021, 4:03 PM IST

নাৰীৰ ওপৰত হোৱা বিভিন্ন হিংসাত্মক ঘটনাসমূহ ৰোধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ (Awareness programme on gender-based violence held) ৷ নগাঁও জিলা প্ৰশাসনে অনুষ্ঠিত কৰা এই কৰ্মশালাৰ পূৰ্বে নগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা ৰোধ কৰাৰ লক্ষ্যৰে সোমবাৰে এটি সজাগতা ৰেলী উলিওৱা হয় ।

নাৰীৰ বিৰুদ্ধে হিংসা ৰোধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনৰ পৰামৰ্শমূলক কৰ্মশালা
নাৰীৰ বিৰুদ্ধে হিংসা ৰোধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনৰ পৰামৰ্শমূলক কৰ্মশালা

নগাঁও,7 ডিচেম্বৰ : ৰাজ্যত এতিয়া ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নাৰীৰ ওপৰত হোৱা হিংসাত্মক ঘটনা ৷ চলিত বৰ্ষত মহিলাৰ ওপৰত হোৱা অপৰাধৰ হাৰ অসমত সৰ্বাধিক ৷ সেয়ে নাৰীৰ ওপৰত হোৱা এনে হিংসাত্মক ঘটনাসমূহ ৰোধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ (Special steps takes by Nagaon district administration ) ৷ নাৰীৰ বিৰুদ্ধে হিংসা ৰোধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনে অনুষ্ঠিত কৰিছে এক পৰামৰ্শমূলক কৰ্মশালা ৷ অসম চৰকাৰৰ সমাজ কল্যাণ সঞ্চালকালয়েও ইয়াৰ লগত সংগতি ৰাখি ৰাজ্যিক আৰু জিলা পৰ্যায়ত বিভিন্ন সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে ।

২০৩০ চনৰ ভিতৰত মহিলাৰ বিৰুদ্ধে হৈ অহা হিংসা ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে (Secretary General of the United Nations) চলাই আহিছে “ইউ এন আই টি ই” (UNiTE Campaign) শীৰ্ষক এক অভিযান, যি হৈছে মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে লিংগ-আধাৰিত হিংসাৰ বিৰুদ্ধে ১৬ দিনৰ সক্ৰিয়তা, যি ২০২১ চনৰ ২৫ নৱেম্বৰত মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ বাবে আন্তৰ্জাতিক দিৱসত আৰম্ভ হৈছিল আৰু অহা ১০ ডিচেম্বৰত মানৱ অধিকাৰ দিৱসত সমাপ্ত হ'ব (United Nations Secretary-General’s UNiTE by 2030 to end violence against women campaign) ।

এই অনুসৰি কৰ্মস্থানত মহিলাৰ যৌন নিৰ্যাতন আইন-২০১৩ আৰু ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন- ২০০৫ ৰ ওপৰত গুৰুত্ব দি আজি নগাঁও সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁওস্থিত এলফিনেষ্টন বিবাহ ভৱনত মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে হিংসা ৰোধ কৰাৰ ওপৰত এক পৰামৰ্শমূলক কৰ্মশালা অনুষ্ঠিত কৰা হয় । এই কৰ্মশালাত নগাঁও মহিলা শক্তি কেন্দ্ৰৰ মহিলা কল্যাণ বিষয়া বৰ্ণালিকা গোস্বামীয়ে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ ওপৰত, এছ.আৰ. চি.ডব্লিউৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক ৰুবি ভাগৱতীয়ে লিংগৰ দৃষ্টিকোণৰ পৰা মহিলাৰ বিৰুদ্ধে হিংসাৰ ওপৰত আৰু ডি. এল. এছ. এ নগাঁৱৰ অধিবক্তা শানাজ চুলতানাই কৰ্মস্থানত মহিলাৰ যৌন নিৰ্যাতন আইন আৰু ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ ওপৰত আলোকপাত কৰে ।

এই কৰ্মশালাতেই উপস্থিত বিভিন্ন স্তৰৰ অংশীদাৰ সকলে মূল বিষয়টোৰ ওপৰত আলোচনা কৰি এক জিলা কাৰ্য পৰিকল্পনা যুগুত কৰে । সোমবাৰৰ এই কৰ্মশালাত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত (সমাজ কল্যাণ) দেবাহুতি বৰা, জিলা সমাজ কল্যান বিষয়া আৰু বিষয়ৰ লগত জড়িত নাগৰিক সমাজৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে । কৰ্মশালাৰ পূৰ্বে নগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱা এটা সজাগতা ৰেলী উলিওৱা হয় । এই ৰেলীৰ ফ্লেগ-অফ কৰে নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

লগতে পঢ়ক: Police Bust Sex Racket in Nagaon : জুইশালত যুৱক-যুৱতীৰ যৌনাচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.