ETV Bharat / state

বঢ়মপুৰ সমষ্টিত অব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া

author img

By

Published : Apr 1, 2021, 5:47 PM IST

ৰাজ্যৰ বিভিন্ন সমষ্টিত পুৱাৰে পৰা অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলী পশ্চিম নামবৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ লানি নিছিগা শাৰী । কোলাত কণমানি সন্তান লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে মহিলাসকল । বৰ্তমানলৈকে ৩০ শতাংশ ভোটদান সম্পন্ন হৈছে ।

বঢ়মপুৰ সমষ্টিত অব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া
বঢ়মপুৰ সমষ্টিত অব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া

বঢ়মপুৰ, ১ এপ্ৰিল: নগাঁৱৰ বঢ়মপুৰত প্ৰখৰ ৰ'দকো নেওচি কোলাত কেঁচুৱা লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা শাৰী পাতিছে মহিলা ভোটাৰে । বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলী পশ্চিম নামবৰ প্ৰাথমিক বিদ্যালয়ৰ ১৫৯, ১৬০, ১৬১ আৰু ১৬২ নং কেন্দ্ৰত পুৱাৰে পৰা ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে ।

বঢ়মপুৰ সমষ্টিত অব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া

বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশ লৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে ভোটাৰসকলে । ভোটদান কৰিবলৈ ওলাই আহিল বিশেষভাৱে সক্ষম লোকসকলো ।

বৰ্তমানলৈকে ৩০ শতাংশ ভোটাদান সম্পন্ন হৈছে এই ভোটগ্ৰহণ কেন্দ্ৰত । ভোটদান প্ৰক্ৰিয়া চলি থকাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে নিৰাপত্তা বাহিনী সষ্টম হৈ আছে ।

লগতে পঢ়ক:নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.