ETV Bharat / state

কংগ্ৰেছৰ প্ৰতাৰণা দিৱসক প্ৰত্যাহ্বন জনাই বিধায়ক ৰূপক শৰ্মাৰ সংবাদ মেল

author img

By

Published : Aug 3, 2020, 6:34 PM IST

বিজেপি চৰকাৰে সত্ৰত বেদখল কৰা সন্দেহজনক নাগৰিকক উচ্ছেদ কৰিবলৈ সক্ষম হৈছে ৷ আনকি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই মন্তব্য প্ৰদান কৰিছে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই ৷ সোমবাৰে এক সংবাদমেল আয়োজন কৰি এই মন্তব্য প্ৰদান কৰিছে বিধায়ক গৰাকীয়ে ৷

Assam: Nagaon MLA Rupak Sarma Recation on Congress
কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ বিৰুদ্ধে নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ সংবাদ মেল

নগাঁও, 3 আগষ্ট : বিজেপি চৰকাৰে সত্ৰত বেদখল কৰা সন্দেহজনক নাগৰিকক উচ্ছেদ কৰিবলৈ সক্ষম হৈছে ৷ আনকি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই মন্তব্য প্ৰদান কৰিছে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই ৷ সোমবাৰে এক সংবাদমেল আয়োজন কৰি এই মন্তব্য প্ৰদান কৰিছে বিধায়ক গৰাকীয়ে ৷

কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ বিৰুদ্ধে নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ সংবাদ মেল

আনহাতে, কংগ্ৰেছ দলক সমালোচনা কৰি বিধায়ক গৰাকীয়ে পুনৰ কয় যে, কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত হোৱা কামকাজ বিজেপি চৰকাৰৰ কামৰ সৈতে বহুতো পাৰ্থক্য আছে ৷ কংগ্ৰেছ চৰকাৰৰ দিনত বানপীড়িত ৰাইজক সাহাৰ্য দিয়াৰ নামতো দুৰ্নীতি সংঘটিত হৈছিল কিন্তু বিজেপি চৰকাৰৰ দিনত সেই দুৰ্নীতি সংঘটিত হোৱা নাই বুলি বিধায়ক গৰাকীয়ে দাবী উখাপন কৰে ৷ ইফালে, বিধায়ক গৰাকীৰ অভিযোগ অনুসৰি, কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক হত্যা কৰাৰ চেষ্টা চলাইছে ৷ আনকি, বিজেপিৰ উন্নয়নমূলক কামৰ খতিয়ান সংবাদমেলত দাঙি ধৰিলে বিধায়ক গৰাকীয়ে ৷

কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ বিৰুদ্ধে নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ সংবাদ মেল

উল্লেখ্য যে, সোমবাৰে ৰাজ্যজুৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰতাৰণা দিৱস উদযাপন কৰিছে ৷

লগতে পঢ়ক : বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গত গেছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে : WIIৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.