ETV Bharat / state

এখন বিশেষ বিদ্যালয়; য’ত আপুনি পাব অন্য এক মাদকতা

author img

By

Published : Apr 25, 2021, 12:33 PM IST

Updated : Apr 25, 2021, 6:07 PM IST

প্ৰতি গৰাকী শিশুক সমাজ গঢ়াৰ পদ প্ৰদৰ্শক হিচাপে প্ৰতিখন বিদ্যালয়ে অৰিহণা যোগায় ৷ নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ওপৰ ডুমডুমীয়াৰ শ্ৰীশ্ৰীবংশীবদন মধ্য ইংৰাজী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত গঢ়ি তুলিছে অসাধাৰণ চানেকি ৷

বটদ্ৰৱাৰ এখন ব্যতিক্ৰমী বিদ্যালয়
বটদ্ৰৱাৰ এখন ব্যতিক্ৰমী বিদ্যালয়

চামগুৰি, 25 এপ্ৰিল : এখন ব্যতিক্ৰমী বিদ্যালয় ৷ সু-উচ্চ অট্টালিকা অথবা আটক ধুনীয়া গৃহসজ্জাই নহয়, বিদ্যালয়খনৰ নিয়মানুৱৰ্তিতাইহে আকৰ্ষণ কৰিব আপোনাক ৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ একান্ত প্ৰচেষ্টাই বিদ্যালয়খনক গঢ়ি তুলিছে মন্দিৰ অথবা মছজিদ হিচাপে ৷

প্ৰতি গৰাকী শিশুক সমাজ গঢ়াৰ পদ প্ৰদৰ্শক হিচাপে প্ৰতিখন বিদ্যালয়ে অৰিহণা যোগায় ৷ নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ওপৰ ডুমডুমীয়াৰ শ্ৰীশ্ৰীবংশীবদন মধ্য ইংৰাজী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত গঢ়ি তুলিছে অসাধাৰণ চানেকি ৷

এখন বিশেষ বিদ্যালয়; য’ত আপুনি পাব অন্য এক মাদকতা

1995 চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে অতীজৰে পৰা বিদ্যালখনত প্ৰৱেশ কৰাৰ সময়ত পৰিহাৰ কৰে জোতা-চেণ্ডেল ৷ সাধাৰণ বাঁহৰ বেৰৰ বিদ্যালয়খনৰ গৃহসমূহ আজিলৈকে পকীকৰণ নহ'ল যদিও চালিঘৰৰ তলতেই অতি সাধাৰণভাৱে পাঠদান কৰি আহিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷ প্ৰতি বছৰে বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰি অহা বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে শিক্ষা বিভাগক দাবী জনাইছে সকলোৱে ৷ বিদ্যালয়খনে সম্প্ৰতি জিলাখনত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে ৷

লগতে পঢ়ক: সুদীৰ্ঘ 37 বছৰ পিছত স্বভূমি অভিমুখে জীৱন মৰাণ

Last Updated : Apr 25, 2021, 6:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.