ETV Bharat / state

নিযুক্তি পৰীক্ষাত বিসংগতিৰ বিস্ফোৰক অভিযোগ বিশেষভাৱে সক্ষম যুৱকৰ

author img

By

Published : Sep 14, 2022, 1:08 PM IST

allegations of discrepancies in recruitment exam
নিযুক্তি পৰীক্ষাত বিসংগতিৰ বিস্ফোৰক অভিযোগ বিশেষভাৱে সক্ষম যুৱকৰ

নিযুক্তি পৰীক্ষাত বিসংগতিৰ বিস্ফোৰক অভিযোগ বিশেষভাৱে সক্ষম যুৱকৰ (Nagaon youth alleges government recruitment scam) । লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত উকা উত্তৰ বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ অভিযোগ।

নগাঁও, 14 ছেপ্টেম্বৰ: চৰকাৰী নিযুক্তি কেলেংকাৰীৰ অভিযোগে সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছে(Allegation about scame in recruitment) । ভিক্টৰ দাসে অভিযোগে জনতাৰ মনত বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে (Victor Das controversy) । এনে সময়তে নগাঁৱৰ ৰূপহীহাটৰ বিশেষভাৱে সক্ষম যুৱকৰ চৰকাৰী নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিস্ফোৰণ । ৰূপহীহাটৰ হাতীপুখুৰী গাঁৱৰ বিশেষভাৱে সক্ষম যুৱক আমিনুল হকে ফেচবুক পোষ্টত উত্থাপন কৰে নিযুক্তিত বিসংগতি হোৱাৰ বিস্ফোৰক অভিযোগ (Assam recruitment scam allegation) ।

নিযুক্তি পৰীক্ষাত বিসংগতিৰ বিস্ফোৰক অভিযোগ বিশেষভাৱে সক্ষম যুৱকৰ

লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলত ভয়ংকৰ বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে বিশেষভাৱে সক্ষম যুৱক অমিনুল হকে । যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হৈছিল লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ লিখিত পৰীক্ষা । ১৩ মাৰ্চতে আমিনুলে কৰিছিল এটা ফেচবুক পোষ্ট (Nagaon youth alleges government recruitment scam) । এগৰাকী পৰীক্ষাৰ্থীয়ে উকা উত্তৰ বহী জমা দিয়াৰ কথা উল্লেখ কৰিছিল ১৩ মাৰ্চত দিয়া ফেচবুক পোষ্টতে ।

মঙলবাৰে ঘোষণা হোৱা ফলাফলৰ পিছত পুনৰ বিস্ফোৰক ফেচবুক প'ষ্ট অমিনুল হকৰ । পৰীক্ষাত উকা বহী জমা দিয়া পৰিক্ষাৰ্থী উৰ্ত্তীণ হোৱাৰ অভিযোগ আমিনুল হকৰ । অমিনুলে পৰৱৰ্তী সময়ত উক্ত ছাত্ৰজনৰ ৰিজাল্টৰ শ্বিট পুনৰ এক ফেচবুক পোষ্ট দিয়ে । চৰকাৰ তথা প্ৰশাসনক এই ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আমিনুলে ।

লগতে পঢ়ক: মাজুলী-যোৰহাট সংযোগী দলঙক পুতলা দলং আখ্যা লুৰিণ জ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.