ETV Bharat / state

Nagaon ADP college controversy: জামিন লাভৰ পাছতে বিতৰ্কিত অধ্যক্ষৰ বিস্ফোৰণ

author img

By

Published : Jul 12, 2022, 12:46 PM IST

ষড়যন্ত্ৰৰ বলি হৈছে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতী । যৌন নিৰ্যাতনৰ অভিযুক্ত অধ্যক্ষগৰাকীৰ চাঞ্চল্যকৰ মন্তব্য (ADP college principal reaction on sexual assault case)। জামিন লাভৰ পাছতে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে ।

Nagaon ADP college controversy
জামিন লাভৰ পাছতে বিতৰ্কিত অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

নগাঁও,১২ জুলাই : জামিন লাভৰ পাছতে মুখ খুলিছে নগাৱঁৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে (Nagaon ADP college sexual assault case)। যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল অধ্যক্ষগৰাকীৰ বিৰুদ্ধে । কিন্তু তেওঁৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবেই আদালতে জামিন প্ৰদান কৰে বিতৰ্কিত অধ্যক্ষগৰাকীক ।

ইয়াৰ পাছতে বিস্ফোৰক মন্তব্য অধ্যক্ষগৰাকীৰ (ADP college principal reaction on sexual assault case)। তেওঁৰ মতে একাংশ লোকে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল । মহাবিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত নথকা একাংশ অধ্যাপক-অধ্যাপিকাৰ ষড়যন্ত্ৰৰ বলি হৈছে বুলি তেওঁ অভিযোগ কৰে ।

জামিন লাভৰ পাছতে বিতৰ্কিত অধ্যক্ষৰ বিস্ফোৰণ

উল্লেখ্য যে শেহতীয়াকৈ মহাবিদ্যালয়খনৰে দুগৰাকী অধ্যাপিকাই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ আনিছিল । যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰো হৈছিল অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতী । মহাবিদ্যালয়ৰ পৰা নিলম্বন কৰা হৈছিল অধ্যক্ষগৰাকীক । কিন্তু অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উপযুক্ত তথ্য প্ৰমাণ দিব পৰা নাছিল ।

কিন্তু উচ্চ ন্যায়ালয়ে দুই অধ্যাপিকাই অনা অভিযোগৰ তথ্য প্ৰমাণ লাভ নকৰাত জামিন প্ৰদান কৰে ডঃ সুৰজিত কুমাৰ ভাগৱতীক । ইফালে একাংশ ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষগৰাকীৰ পক্ষত থিয় দিছে । ডঃ সুৰজিৎ কুমাৰ ভাগৱতীক পুনৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰূপে দায়িত্ব দিবলৈ দাবী জনাইছে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে । ইতিমধ্যে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু অসম শিক্ষা সঞ্চালকায়লৈও পত্ৰ প্ৰেৰণ কৰিছে ছাত্ৰ সমাজে ।

লগতে পঢ়ক :ধৰ্ষণৰ অভিযুক্ত যুৱকক আজীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.