ETV Bharat / state

বটদ্ৰৱাৰ শান্তিজানত প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Jun 20, 2021, 11:07 PM IST

বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজানৰ জলধাৰাত বাধাহীনভাৱে প্ৰবাহিত হোৱা মুখখনত পুখুৰী খান্দি সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ পৰিকল্পনা চলাই আছিল এটা চক্ৰই । মনকৰিবলীয়া যে, বটদ্ৰৱাৰ ঐতিহাসিক দৌল মন্দিৰলৈ ভাবুকি কঢ়িয়াইছিল মীন পালনৰ নামত নদীৰ মুখ বন্ধ কৰি পুখুৰী খান্দিছিল বটদ্ৰৱাৰ ধনীয়াভেটিৰ একাংশ লোকে ।

বটদ্ৰৱাৰ শান্তিজানৰ জলধাৰাত প্ৰশাসনৰ উচ্ছেদ
বটদ্ৰৱাৰ শান্তিজানৰ জলধাৰাত প্ৰশাসনৰ উচ্ছেদ

চামগুৰি, 20 জুন : ঐতিহাসিক শান্তিজানৰ বোৱতী নদীৰ মুখত পুখুৰী খান্দি সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ পৰিকল্পনাৰে একাংশ লোকে খান্দিছিল বৃহৎ বৃহৎ আকাৰৰ পুখুৰী । যি সময়ত খেতি মাটি, পথৰ কাষৰ মাটি আদিত প্ৰশাসনৰ বিনা অনুমতিত পুখুৰী খন্দা নিষেধাজ্ঞা জাৰি কৰিছে ঠিক সেই সময়তে প্ৰসাশনৰ চকুত ধুলি দি একাংশ লোকে মীন পালনৰ নামত বেদখল কৰি পুখুৰী খান্দি বোৱতী নদীত বান্ধ দিয়াক কেন্দ্ৰ কৰি বটদ্ৰৱাত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ।

উল্লেখযোগ্য যে, বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজানৰ জলধাৰাত বাধাহীন ভাৱে প্ৰৱাহিত হোৱা মুখ খন পুখুৰী খান্দি সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ পৰিকল্পনা চলাই আছিল এটা চক্ৰই । মনকৰিবলীয়া যে, বটদ্ৰৱাৰ ঐতিহাসিক দৌল মন্দিৰলৈ ভাবুকি কঢ়িয়াইছিল মীন পালনৰ নামত নদীৰ মুখ বন্ধ কৰি পুখুৰী খান্দিছিল বটদ্ৰৱাৰ ধনীয়াভেটিৰ একাংশ লোকে । তাৰপাচতে স্থানীয় ৰাইজ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল ৷

বটদ্ৰৱাৰ শান্তিজানৰ জলধাৰাত প্ৰশাসনৰ উচ্ছেদ

এই ঘটনা সংঘটিত হোৱাৰ পাচতে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই যোৱা সপ্তাহত বিষয়টো চৰজমিন তদন্ত চলাই ৷ তাৰপাচতে আজি অথাৎ দেওবাৰে ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলা প্ৰশাসন, ধিং ৰাজহ চক্ৰ বিষয়াৰ সহিতে মণ্ডল কাননগো৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী প্ৰশাসনৰ বোৱতী নদীখনৰ বান্ধ কাটি দি প্ৰাকৃতিকভাৱে শান্তিজানক পুনৰ বোৱাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ।

সম্প্ৰতি ভৰ বাৰিষাৰ প্ৰাকমূহুৰ্তত শান্তিজানৰ বন্ধ কৰা মুখ খন খুলি দি প্ৰশাসনে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰিছে বটদ্ৰৱাৰ স্থানীয় ৰাইজে । প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে বটদ্ৰৱাৰ স্থানীয় ৰাইজে । একেদৰে সময় থাকোতেই বটদ্ৰৱাৰ জামাইবস্তি, প্ৰাক্তন সৈনিকৰ নামত আবন্টিত ভূমি , বটদ্ৰৱা থানৰ নামত থকা শান্তিজান বজাৰৰ ভূমি, বৰহিছা কিচামতৰ ভূমি আৰু আন আন চৰকাৰী ভূমিৰ বেদখল হৈ থকা ভূমি সমূহ উচ্ছেদ কৰিবলৈ স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ: বৰনৈ কোটি টকীয়া জলসিঞ্চন আঁচনি পৰিদৰ্শন বিষয়া-কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.