Mob lynching of Abhi Neel: কোন দিশে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ?

author img

By

Published : May 19, 2022, 6:11 PM IST

Mob lynching of Abhi Neel
নগাঁও আদালতত নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ ()

নগাঁও আদালতত নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ । তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যগ্ৰহণ নগাঁও আদালতৰ (Neel Abhi Murder case Judgement process)। পৰৱৰ্তী সময়ত বিপক্ষৰ অধিবক্তাই জেৰা কৰিব তদন্তকাৰী বিষয়াৰ । ৭১ গৰাকী সাক্ষীৰ ৬৯ জনৰ সাক্ষ্যগ্ৰহণ সম্পন্ন নগাঁও আদালতত । নীল অভি হত্যাকাণ্ডত জড়িত দোষীৰ চূড়ান্ত শাস্তিৰ বাবে আশাবাদী নীল অভিৰ পৰিয়ালৰ ।

নগাঁও, ১৯ মে’ : সমগ্ৰ ৰাজ্যই নহয় দেশ কঁপাই যোৱা ডকমকাৰ নীল অভি হত্যাকাণ্ডৰ (Mob lynching of Abhi Neel) গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে (Neel Abhi Murder case Judgement process) । ২০১৮ চনতে সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল নৰপিশাচৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই বন্ধু নিলোৎপল দাস আৰু অভিজিৎ নাথে ।

কোন দিশে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ?

অতি নির্মমভাৱে দুই চফল ডেকাক হত্যা কৰা ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলি আছে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত । নীল অভি হত্যাকাণ্ডত জড়িত ৪৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে ডকমকা আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰত দাখিল কিৰিছিল ঘটনাৰ অভিযোগনামা ।

এই পর্যন্ত নগাঁও কাৰাগাৰতে থকা আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে বহুকেইজনেই নগাঁও আদালতত সাক্ষ্যদান কৰা বুলি নীল অভিৰ পিতৃয়ে জানিবলৈ দিয়ে । বৰ্বৰ হত্যাকাণ্ডটোত মুঠ ৭১ গৰাকী সাক্ষীৰ নাম সন্নিবিষ্ট কৰিছিল তদন্তকাৰী আৰক্ষীয়ে । ৭১ গৰাকী সাক্ষীৰ ইতিমধ্যেই ৬৯ গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে নগাঁও আদালতত ।

লগতে পঢ়ক : Neel-Abhi Murder : চূড়ান্ত ৰায়ৰ দিশে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

ইয়াৰে সাতগৰাকী সাক্ষীয়ে ভাষ্য সলনি কৰাৰো অভিযোগ উত্থাপন কৰিছে নীল অভিৰ দুই পিতৃয়ে । অৱশ্যে বাকী ৬২ গৰাকী সাক্ষীৰ ভাষ্যত সন্তুষ্ট নীল অভিৰ দুই পিতৃ । বৃহস্পতিবাৰে নগাঁও আদালতত সম্পন্ন হোৱা শুনানিত ঘটনাৰ তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যগ্ৰহণ কৰে নগাঁও আদালতে ।

তথ্য অনুসৰি, প্ৰায় পাঁচ ঘণ্টা সময় সাক্ষ্যগ্ৰহণ কৰে তদন্তকাৰী আৰক্ষী বিষয়াই । পৰৱৰ্তী সময়ত তদন্তকাৰী আৰক্ষী বিষয়াক জেৰা কৰিব বিপক্ষৰ অধিবক্তাই । উল্লেখ্য যে, ডকমকাত সংঘটিত হোৱা নিলোৎপল, অভিজিতৰ নৃশংস হত্যাকাণ্ডৰ তিনিটা বছৰ অতিক্ৰম কৰাৰ পিছতো ন্যায় লাভ কৰা নাই নীল, অভিৰ পৰিয়ালে ৷

ন্যায় লাভৰ আশাত পনবন্দী এতিয়া নীল, অভিৰ দুৰ্ভগীয়া পিতৃদ্বয় তথা পৰিয়ালদুটা ৷ লগতে নীল, অভি হত্যাকাণ্ডত জড়িত দোষীৰ চূড়ান্ত শাস্তিৰ বাবে এতিয়াও আশাবাদী নীল অভিৰ দুই পিতৃ ।

লগতে পঢ়ক : Mob lynching of Abhi-Neel: আন দুই আৰক্ষী বিষয়াৰ সাক্ষ্যদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.