ETV Bharat / state

AATSA press meet:চাহ জনজাতি শব্দক অপমান নকৰিবলৈ সকীয়নি আটছাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 9:15 PM IST

AATSA press meet in Nagaon
চাহ জনজাতি ছাত্ৰ সন্থাৰ সংবাদমেল

নগাঁও প্ৰেছ ক্লাৱত চাহ জনজাতি ছাত্ৰ সন্থাৰ সংবাদমেল । চাহ জনজাতি ছাত্র সন্থা আৰু আদিবাসী ছাত্র সন্থাৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ চাহ জনজাতি ছাত্ৰ সন্থাৰ ।

চাহ জনজাতি ছাত্ৰ সন্থাৰ সংবাদমেল

নগাঁও, ২ ছেপ্টেম্বৰ: অসম চাহ জনজাতি ছাত্র সন্থা আৰু আদিবাসী ছাত্র সন্থাৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে । চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে শনিবাৰে নগাঁও প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে সংগঠনটোৰ প্ৰতিক্ৰিয়া । সংবাদমেলত চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাসকলে কয় যে পদ্মশ্ৰী সন্মানৰে সন্মানিত ঝুমুৰ সম্ৰাট দুলাল মানকীয়ে নিজকে চাহ জনজাতিৰ লোক বুলি কোৱাৰ পিচতেই একাংশই বিতৰ্কৰ সূত্ৰপাত ঘটায় । তেওঁৰ প্ৰসংগত বিৰূপ মন্তব্যও কৰে ।

তেওঁলোকে কয় যে আমি আদিবাসী বুলি পৰিচয় দিয়া সকলক চাহ জনজাতি বুলি পৰিচয় দিবৰ বাবে কোনোধৰণৰ হেঁচা প্ৰয়োগ কৰা নাই । যিসকলে আদিবাসী হিচাপে নিজৰ পৰিচয় দিব বিচাৰিছে তেওঁলোকে আদিবাসী হিচাপেই নিজৰ পৰিচয় দিয়ক । আমাৰ আপত্তি নাই। কিন্তু চাহ জনজাতি শব্দটোক তুচ্ছ-তাচ্ছিল্য কৰাটো আমি সহ্য নকৰোঁ ।

আদিবাসী ছাত্র সন্থাৰ নেতৃত্বক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে সংগঠনটোৰ নেতাসকলে । যুক্তি-তৰ্কৰ বিপৰীতে চাহ জনজাতিক অমাৰ্জিত মন্তব্য নকৰিবলৈ তেওঁলোকে সকীয়াই দিয়ে । লগতে অসম চাহ জনজাতি ছাত্র সন্থা ১৯৪৭ চনত গঠন হওতে ইয়াৰ নাম অসম চোটনাগপুৰী ছাত্র সন্মিলন আছিল বুলিও উল্লেখ কৰি সংগঠনটোৰ নেতাসকলে কয় যে তেওঁলোকে সেই সময়ত কিন্তু আদিবাসী ছাত্র সন্থা নাম দিয়া নাছিল ।

লগতে পঢ়ক:PM SVANidhi Yojona: প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি ৰূপায়ণত দেশৰ ভিতৰতে শীৰ্ষস্থানত অসম

তেওঁলোকে কয় যে ১৯৭৬ চনত চাহ জনজাতি ছাত্র সন্থা হিচাপে পৰিচিত হয় । ১৯৭৬ চনত চাহ জনজাতি নামটো গ্ৰহণ কৰোতেই তেওঁলোকে কিয় প্ৰতিবাদ নকৰিলে বুলি প্ৰশ্ন কৰি সংবাদমেলত চাহ জনজাতি ছাত্র সন্থাৰ নগাঁও জিলা সমিতিৰ নেতৃবৃন্দই ১৯৯৬ চনতহে আদিবাসী ছাত্ৰ সন্থা গঠন হোৱা বুলি কটাক্ষ কৰে ।

লগতে পঢ়ক:Subhalakshmi Dutta case : শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ গ'ল নিৰ্যাতিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.