ETV Bharat / state

বিদ‍্যায়তনিক অভাৱ পূৰণৰ বাবে স্মাৰকপত্ৰ প্ৰদান কলিয়াবৰ আছুৰ

author img

By

Published : Jun 16, 2020, 4:36 PM IST

কলিয়াবৰৰ উচ্চ-উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়সমূহত খালী হৈ থকা শিক্ষক-কৰ্মচাৰীৰ পদত নিযুক্তিৰ দাবীত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই প্ৰদান কৰে এক স্মাৰকপত্ৰ ৷

AASU Demands for Quick appointment of Vacant Teachers Posts of Kaliabor Schools nagaon assam etv bharat news
স্মাৰকপত্ৰ প্ৰদান কলিয়াবৰ আছুৰ

কলিয়াবৰ,16 জুন: কলিয়াবৰৰ বিভিন্ন বিদ‍্যালয়ত বছৰ বছৰ ধৰি খালী হৈ আছে প্ৰায়বোৰ শিক্ষক-কৰ্মচাৰীৰ পদ ৷ নিযুক্তিৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ‍্যত জীৱনৰ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সৃষ্টি হৈছে তীব্ৰ বাধা ৷ লগতে বহুকেইখন বিদ‍্যালয়ত বিষয় শিক্ষকৰ অভাৱত কেইবাটাও বিষয়ৰ পাঠ‍্যক্ৰম বন্ধ হোৱাৰ উপক্ৰম হৈছে । পূৰ্বে কৰ্মৰত শিক্ষকসকলে অৱসৰ গ্ৰহণ কৰাৰ পিছত সেই পদসমূহ বছৰ-বছৰ খালী হৈ আছে ৷ তদুপৰি কাৰ্যালয় সহায়ক,চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অভাৱৰ ফলত উক্ত কাম কৰিবলগীয়া হৈছে শিক্ষকসকলে ৷ তেনেস্থলত পূৰ্বৰ ঈৰ্ষণীয়ভাৱে ফলাফলৰ ক্ষেত্ৰত আগবঢ়া চৰকাৰী বিদ‍্যালয়সমূহত এতিয়া নাই ছাত্ৰ-ছাত্ৰী ৷

স্মাৰকপত্ৰ প্ৰদান কলিয়াবৰ আছুৰ

উক্ত সমস্যা সমাধানৰ দাবীত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক শেখৰ ভৰালী হাজৰিকাৰ নেতৃত্বত এক সঁজাতি দলে মহকুমাধিপতিক এক স্মাৰকপত্ৰ প্ৰদান কৰে । শিক্ষক-কৰ্মচাৰীৰ নিযুক্তি সম্বলিত স্মাৰকপত্ৰখন গ্ৰহণ কৰি কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগে বিষয়টো শিক্ষা বিভাগলৈ প্ৰেৰণ কৰাৰ লগতে ক্ষীপ্ৰতাৰে নিস্পত্তিৰ আশ্বাস প্ৰদান কৰে ৷

লগতে চাওকঃ ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত মহিলাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.