ETV Bharat / state

কলিয়াবৰত ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদযাপন

author img

By

Published : Apr 16, 2019, 11:47 AM IST

গামখাৰু বিহুৱা দল বোকাখাট, অসমী আই বিহুৱা দল ৰৌতা আৰু ফ্ৰেণ্ডশ্বিপ বিহুৱা দল কলিয়াবৰৰ বিহু দলে প্ৰদৰ্শন কৰে বিহু । লগতে অনুষ্ঠানত সত্ৰীয়া শিল্পী টংকেশ্বৰ শৰ্মা,ভাস্কৰ্য‍ তথা চিত্ৰ শিল্পী তৰুণ বৰা, তোষেশ্বৰ বৰাক সম্বৰ্দ্ধনা জনাই ছাত্ৰ সন্থাই

কলিয়াবৰত ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদযাপন

কলিয়াবৰ,16 এপ্ৰিলঃ কলিয়াবৰ কুঁৱৰীটোল গান্ধী খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ সন্থাই উদযাপন কৰিলে কেন্দ্ৰীয় ৰঙালী বিহু ৷ শতাধিক নাচনিৰ বিহু নৃত্য, জেষ্ঠ শিল্পীৰ লগতে কৃষকক সম্বৰ্ধনা জনাই এই অনুষ্ঠানত ৷

কলিয়াবৰত ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদযাপন

''ব'হাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাঁহ'' অসমীয়াৰ বাপতি সাহোন ৰঙৰ উৎসৱ ৰঙালী ৷ ঢোঁল,পেঁপা,গগণাৰ মাতত ডেকা বুঢ়া সকলোৰে মন বিহু বিহু ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বছৰো কুঁৱৰীটোল গান্ধী খেল পথাৰত পহিলা বহাগত বাৰেৰহণীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদ্‌যাপন কৰা হয় ৷ সমন্বিত যুৱতীৰ্থ হুঁচৰি দলৰ হুঁচৰিৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণী কৰা হয় বিহুৰ কাৰ্যসূচী । গামখাৰু বিহুৱা দল বোকাখাট, অসমী আই বিহুৱা দল ৰৌতা আৰু ফ্ৰেণ্ডশ্বিপ বিহুৱা দল কলিয়াবৰে প্ৰদৰ্শন কৰে বিহু। লগতে অনুষ্ঠানত সত্ৰীয়া শিল্পী টংকেশ্বৰ শৰ্মা,ভাস্কৰ্য‍ তথা চিত্ৰ শিল্পী তৰুণ বৰা, তোষেশ্বৰ বৰাক সম্বৰ্দ্ধনা জনাই ছাত্ৰ সন্থাই

Intro:"অসমী আইৰ বুকুত উৎসৱৰ মধু আলোড়ন"
বাৰেৰহণীয়া কাৰ্য‍্যসূচীৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদ্‌যাপন
তিনি শতাধিক নাচনীৰ বিহু নৃত‍্য প্ৰদৰ্শন
দুই জ‍্যেষ্ঠ শিল্পী আৰু এগৰাকী কৃষকক সম্বৰ্দ্ধনা আৰু চাৰি শিল্পী প্ৰতিভাক অভিনন্দন জ্ঞাপনBody:"অসমী আইৰ বুকুত উৎসৱৰ মধু আলোড়ন" তুলি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই গত বৰ্ষসমূহৰ দৰে এই বছৰো কুঁৱৰীটোল গান্ধী খেল পথাৰত ১ বহাগত বাৰেৰহণীয়া কাৰ্য‍্যসূচীৰে ৰঙালী বিহু উদ্‌যাপন কৰে। হুঁচৰি, বিহু আৰু জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে বিভিন্ন অনুষ্ঠানে। সমন্বিত যুৱতীৰ্থ, কলিয়াবৰে প্ৰদৰ্শন কৰা হুঁচৰিৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণী কৰা হয়। তাৰ পিচতেই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত আয়োজিত হোৱা বিহু নৃত‍্য কৰ্মশালাৰ তিনি শতাধিক নাচনীয়ে বিহু নৃত‍্য প্ৰদৰ্শন কৰে। শিৱম তেজপুৰে লোকবাদ‍্য বাদন, জনগোষ্ঠীয় বিহু আৰু বিহু নৃত‍্য প্ৰদৰ্শন কৰে। বিহু প্ৰদৰ্শন কৰে গামখাৰু বিহুৱা দল, বোকাখাট, অসমী আই বিহুৱা দল, ৰৌতা আৰু ফ্ৰেণ্ডশ্বিপ বিহুৱা দল, কলিয়াবৰে। পূৰ্বৰ দৰে কলিয়াবৰৰ বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তিনি ব‍্যক্তি টঙ্কৈশ্বৰ শৰ্মা (সত্ৰীয়া শিল্পী), তৰুণ বৰা (ভাস্কৰ্য‍্য তথা চিত্ৰ শিল্পী), তোষেশ্বৰ বৰা (কৃষক)ক সম্বৰ্দ্ধনা জনোৱা হয়। লগতে সমীৰ ভূঞা, যোগিন্দ্ৰ সিং, সঞ্জীৱ শইকীয়া আৰু শ্ৰাৱন মহন্তক কলিয়াবৰৰ শিল্প-কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে‌।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.