ETV Bharat / state

তিনিজন নহয়, চাৰিজন উঠিব পৰা মটৰ চাইকেল সাজু !

author img

By

Published : Oct 19, 2021, 9:55 PM IST

a special motorcycle modified by a mechanic in dhing
তিনিজন নহয়, চাৰিজন উঠিব পৰা মটৰ চাইকেল সাজু !

নগাঁৱৰ ধিঙৰ এজন যুৱকৰ চমকপ্ৰদ সৃষ্টি । পেট্ৰলৰ দাম চেঞ্চুৰী পাৰ হোৱাৰ পাছতেই ধিঙৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়ালে এখন বিশেষ মটৰ চাইকেল । এজন দুজন নহয় চাৰিজন উঠিব পাৰে বিশেষ মটৰ চাইকেলখনত ।

নগাঁও, 19 অক্টোবৰ : পে'ট্ৰলৰ দাম বৃদ্ধিক লৈ বিজেপি সভাপতি ভবেশ কলিতাই এখন মটৰ চাইকেলত তিনিজনকৈ উঠাৰ পৰামৰ্শ দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত । এনে সময়তে নগাঁৱৰ ধিঙৰ এজন যুৱকে নিৰ্মাণ কৰিলে এখন বিশেষ মটৰ চাইকেল । এই বিশেষ মটৰ চাইকেলখনত এজন দুজন অথবা ভবেশ কলিতাই কোৱাৰ দৰে তিনিজন নহয়, একেলগে উঠিব পাৰে চাৰিজনকৈ লোক ।

পে'ট্ৰলৰ মূল্যই চেঞ্চুৰী অতিক্ৰম কৰাৰ সময়তে ধিঙৰ যুৱকজনে প্ৰস্তুত কৰি উলিয়ালে একেলগে চাৰিজন উঠিব পৰা এখন বিশেষ মটৰ চাইকেল । ধিং চাৰিআলিৰ অতুল দাস নামৰ এইজন যুৱকে নিৰ্মাণ কৰি উলিয়াছে এক আকৰ্ষণীয় মটৰ চাইকেলখন । অতুল দাস নামৰ যুৱকজন পেছাত এজন মটৰ চাইকেল মেকানিক হোৱাৰ লগতে তেওঁ ধিং চাৰিআলিত এ,ডি অটম'বাইলছ নামৰ এটি ক্ষুদ্ৰ গেৰেজৰ স্বত্বাধিকাৰী ।

তিনিজন নহয়, চাৰিজন উঠিব পৰা মটৰ চাইকেল সাজু !

যুৱকজনে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে নিজ প্ৰচেষ্টাত সুদীৰ্ঘ তিনি বছৰৰ অন্তত সাজি উলিয়ালে এই মটৰ চাইকেলখন । যুৱকজনৰ এই সফলlতাক অঞ্চলবাসীয়ে প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে । বিশেষ মটৰ চাইকেলখন তিনি বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্পূৰ্ণ সাজু কৰিবলৈ সক্ষম হোৱা যুৱক জনেও যতেষ্ঠ আনন্দ প্ৰকাশ কৰিছে ।

তিনিবছৰৰ প্ৰচেষ্টাৰ অন্তত ৰাজপথত চলাবলৈ সাজু হোৱাৰ পিছত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বিশেষ মটৰ চাইকেলখনে । ধিঙৰ অতুল দাসে নিৰ্মাণ কৰা মটৰ চাইকেল চাবলৈ এতিয়া ভিৰ কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক: কি কি সিদ্ধান্ত হ’ল ৰাজ্যিক কেবিনেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.