ETV Bharat / state

কলিয়াবৰত শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

author img

By

Published : Mar 10, 2021, 8:53 PM IST

কলিয়াবৰত ৰাজনৈতিক পট পৰিৱৰ্তন ৷ কলিয়াবৰ কংগ্ৰেছত আন এক বৃহৎ আঘাত ৷ কংগ্ৰেছে দলৰ দ্বিতীয়জন প্ৰাৰ্থিত্ব প্ৰত্যাশী তপন বৰাৰ সমৰ্থকৰ সৈতে এটা বৃহৎ দলৰ অগপত যোগদান ৷

কলিয়াবৰত শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান
কলিয়াবৰত শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

কলিয়াবৰ,10 মাৰ্চঃ কলিয়াবৰত শিবিৰত কঁপনি তুলি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুৰেন্দ্ৰ বৰঠাকুৰে দলত‍্যাগ কৰাৰ পাছতেই আন এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী তপন বৰাৰ এক বৃহৎ সমৰ্থকৰ দলে বুধবাৰে অগপ কাৰ্যালয়ত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত যোগদান কৰে ।

কলিয়াবৰত শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

বিগত সময়ছোৱাত কংগ্ৰেছ দলটোৰ উত্তৰণত দিনে-নিশাই কৰ্ম কৰি যোৱাৰ পিছত দলৰ পৰা পোৱা বঞ্চনাৰ প্ৰতিবাদকল্পে বুধবাৰে অগপ দলত যোগদান কৰে যুৱ দলটোৱে । লগতে আজমল বাহিনীৰ সৈতে কৰা মিত্ৰতা ক্ষুণ্ণ হৈ দল এৰা যুৱ কৰ্মীবৃন্দই আগন্তুক সময়ত অগপ দলৰ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

কলিয়াবৰত শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান
কলিয়াবৰত শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান
লগতে পঢ়কঃ উজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই: মন্ত্ৰী পীয়ুষ হাজৰিকা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.