ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযোজনকলৈ বিভ্ৰান্তি

author img

By

Published : Jul 29, 2021, 1:12 PM IST

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga national park)ৰ অষ্টম সংযোজনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বন্য প্ৰাণী সুৰক্ষা আইন 1972 (wild life protection act 1972)ৰ অধীনত ৷ কিন্তু, সম্প্ৰতি অষ্টম সংযোজনৰ এলেকাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে কলিয়াবৰৰ ৰাইজৰ মাজত ৷

8 th edition of KAZIRANGA NATIONAL PARK is creating confusion in kazirangga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযোজনকলৈ বিভ্ৰান্তি কলিয়াবৰত

কলিয়াবৰ, 29 জুলাই : বন্য প্ৰাণী সুৰক্ষা আইন 1972 (wild life protection act 1972) ৰ ৩৫ (১) ২ চেপ্তেম্বৰ, ২০২০ৰ জাননীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজনৰ পৰিকল্পনা কৰা হৈছিল ৷ কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযোজনৰ এলেকাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ ঘোষণাৰ দুমাহ অতিক্ৰম কৰাৰ পাছতো কলিয়াবৰ মহকুমাৰ এলেকাধীন ভূমিৰ জাননীত চিহ্নিত স্থানসমূহৰ চিনাক্তকৰণ নোহোৱাত কলিয়াবৰৰ স্থানীয় ৰাইজ বিভ্ৰান্তিত পৰিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga national park)ৰ অষ্টম সংযোজনৰ ব্যৱস্থা গ্ৰহণ কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ নগাঁৱৰ তৰফৰ পৰা চিঠি নং : এন আৰ কে ১৩/২০২১/১৭ দিনাংক : ০৬/০৭২১০২১ৰ জৰিয়তে চিঠি প্ৰকাশ কৰা হৈছিল ৷ কলিয়াবৰ মহকুমা(Kaliabar subdivision)ৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ লগতে মহকুমাটোৰ সংশ্লিষ্ট বিভাগীয় কাৰ্যালয়সমূহলৈ এক ঘোষণা প্ৰেৰণ কৰা হৈছিল । এই ঘোষণাত ২০২০ চনৰ এপ্ৰিল মাহত বন বিভাগে প্ৰেৰণ কৰা এফ আৰ ৪/২০২০/৪৫ৰ প্ৰসংগত নিৰ্দেশ দিয়া হৈছিল ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযোজনকলৈ বিভ্ৰান্তি কলিয়াবৰত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযোজনত সংলগ্ন হ'বলগীয়া ভূমিৰ দুমাহৰ ভিতৰত নিষ্পত্তি কৰিবলৈ কলিয়াবৰ আৰু বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াক এই নিৰ্দেশ দিয়া হৈছিল ।

এই সন্দৰ্ভত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নগাঁও জিলা সমিতি, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা আদি সংগঠনৰ স্থানীয় প্ৰতিনিধিয়ে বুধবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হয় ৷ তেওঁলোকে বিষয়টো অনতি পলমে সাধাৰণ ৰাইজৰ বোধগম্য হোৱাকৈ স্থানসমূহৰ নাম আৰু সীমাসমূহ অনতিপলমে প্ৰকাশ কৰিবলৈ দাবী জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.