ETV Bharat / state

২৮ বছৰে মৈৰাবাৰীত অব্যাহত আছে গৰুৰ এখন অবৈধ বজাৰ

author img

By

Published : Jun 28, 2021, 9:01 PM IST

28 years old illegal cattle market
ধিঙৰ ২৮ বছৰীয়া এখন অবৈধ গৰু বজাৰ

28 বছৰে এখন অবৈধ গৰু বজাৰ চলাই অহা এটা চক্ৰক আটক কৰে মৈৰাবাৰী আৰক্ষী ৷ গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত চাৰিজন কৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আপত্তিজনক বহু নথি-পত্ৰ জব্দ কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷

ধিং, 28 জুন : বিগত প্ৰায় ২৮ বছৰ ধৰি এক বৃহৎ জালিয়াতিৰে মৰিগাঁও জিলাৰ চহৰীয়াগাঁও বজাৰত অবৈধভাৱে গৰু কিনা-বেচা কৰা এটা চক্ৰক অৱশেষত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ১৯৮৭ চনত স্থাপন হোৱা মৈৰাবাৰীৰ নিকটৱৰ্তী এই চহৰীয়াগাঁও বজাৰ কমিটিখনে ১৯৯৩ চনৰ পৰাই মৰিগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ ভুৱা ৰচিদ বহী ছীল-মোহৰ বনাই অবৈধভাৱে গৰুৰ এখন বৃহৎ বজাৰ চলাই আহিছিল ৷ যাৰ বাবে বছৰে কোটি কোটি টকা ৰাজহ হেৰুৱাইছিল অসম চৰকাৰে ৷

কেৱল এয়াই নহয়, বহু গৰু চোৰাং ভাৱে এই বজাৰতে কিনা-বেচা হৈছিল বুলি এক অভিযোগ উত্থাপন হৈছে ৷ শেহতীয়াকৈ লকডাউনৰ সুযোগতে বজাৰ কমিটিয়ে গৰু কিনা এজন ব্যক্তিক মৰিগাঁও জিলা পৰিষদৰ ভুৱা ছীল-মোহৰ থকা এখন ৰচিদ দিয়াৰ পাচত সমগ্ৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহে । এক গোপন সূত্ৰৰ এই সমগ্ৰ ঘটনাৰ তথ্য লাভ কৰিছিল মৈৰাবাৰী আৰক্ষীয়ে ৷

ধিঙৰ ২৮ বছৰীয়া এখন অবৈধ গৰু বজাৰ

ইয়াৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় মৈৰাবাৰী আৰক্ষী ৷ নৈৰাবাৰী আৰক্ষীয়ে গৰুৰ এই অবৈধ বজাৰখনৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ তদুপৰি ভুৱা ৰছিদৰ সন্দৰ্ভত মৰিগাঁও জিলা পৰিষদৰ সৈতে যোগাযোগ কৰে আৰক্ষীয়ে ৷

জিলা পৰিষদৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰাত জিলা পৰিষদৰ কাৰ্যালয়ৰ ফালৰ পৰা এনে ধৰণৰ কোনো ৰচিদ দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে । ফলত আৰক্ষীয়ে এই বৃহৎ চক্ৰটোৰ বিৰুদ্ধে এক অভিযান চলাই বজাৰ কমিটিৰ চাৰিজন লোকক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ নাম ক্ৰমে চুলতান আহমেদ, নুৰুজামান লোচনাবড়ী, সমবায় সমিতিৰ উপ-সভাপতি ইছৰাফিল আৰু শ্বহিদুল ইছলাম ৷

গ্ৰেপ্তাৰ কৰাৰ এই চক্ৰ টোৰ পৰা কিছু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হয় বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ মৈৰাবাৰী আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে ২৬১/২১ নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ হোৱা চাৰিজনক মৰিগাঁও জিলা আদালতলৈ প্ৰেৰণ কৰে । গৰুৰ এই অবৈধ বজাৰখনৰ লগত জড়িত ইচৰাফিল নামৰ লোকজন ধিং সমষ্টিৰ এআইইউডিএফ দলৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি আছিল ৷ ইচৰাফিল নামৰ লোকজন বিধায়ক আমিনুল ইছলামৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: উৎপাদিত সকলো ধান দৰিদ্ৰ ৰাইজক দিম: বিধায়ক দিগন্ত কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.