ETV Bharat / state

জীৱন চন্দ্ৰ কোঁৱৰক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নতুন মুখ্য কাৰ্যবাহীৰ দায়িত্ব

author img

By

Published : Jan 6, 2021, 1:25 PM IST

মৰিগাঁৱৰ পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত প্ৰতিনিধিসকলৰ শপতগ্ৰহণ অনুষ্ঠান ৷ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে জীৱন চন্দ্ৰ কোঁৱৰে ৷ তদুপৰি পৰিষদৰ অধ্যক্ষ পদত মদন বৰদলৈ,উপাধ্যক্ষ পদত তুলসী বৰদলৈ আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য হিচাপে অংকুৰ দেউৰীয়ে দায়িত্ব গ্ৰহণ কৰে ৷

tiwa-council-oath-taking
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নতুন চিইএম জীৱন চন্দ্ৰ কোঁৱৰ

মৰিগাঁও, 6 জানুৱাৰী : বুধবাৰে মৰিগাঁৱৰ পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত প্ৰতিনিধিসকলৰ শপতগ্ৰহণ অনুষ্ঠান ৷ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে বিজেপিৰ বিধায়ক অতুল বৰা, বিধায়িকা আঙুৰলতে ডেকা, বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিতিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত প্ৰতিনিধিসকলে শপতগ্ৰহণ কৰে ৷ ইপিনে এই শপতগ্ৰহণ অনুষ্ঠানতে আনুষ্ঠানিকভাৱে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে জীৱন চন্দ্ৰ কোঁৱৰে ৷ তদুপৰি পৰিষদৰ অধ্যক্ষ পদত মদন বৰদলৈ, উপাধ্যক্ষ পদত তুলসী বৰদলৈ আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য হিচাপে অংকুৰ দেউৰীয়ে দায়িত্ব গ্ৰহণ কৰে ৷

উল্লেখ্য যে, যোৱা 17 ডিচেম্বৰত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ এই নিৰ্বাচনত 36 খন আসনৰ ভিতৰত বিজেপিয়ে 33 খন আসনত জয়লাভ কৰি তিৱা স্বায়ত্ব শাসিত পৰিষদ দখল কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে শপতগ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁও খেলপথাৰত মুকলি সভাৰো আয়োজন কৰা হৈছে ৷ এই মুকলি সভাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ হাইলাকান্দিত অগপৰ জাতীয় সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.