ETV Bharat / state

ৰং তুলিকাৰে মূৰ্ত্তিক শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী

author img

By

Published : Nov 12, 2020, 10:34 PM IST

দীপৱালীৰ লগে লগে কালী পূজাৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰো ৷ পূৰ্বৰ দৰে এইবৰ্ষত উৎসাহ,আনন্দ নাই যদিও মাটিৰ প্ৰলপেৰে দেৱীক প্ৰাণৱন্ত কৰি তুলিবলৈ সাজু মৃৎ শিল্পীসকল ৷

The potter is busy finishing the sculpture
ৰং তুলিকাৰে মূৰ্ত্তিক শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী

মৰিগাঁও,12নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ সাজু সমগ্ৰ ৰাজ্যবাসী ৷ দীপৱালীৰ লগে লগে কালী পূজাৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰো ৷ পূৰ্বৰ দৰে এইবৰ্ষত উৎসাহ,আনন্দ নাই যদিও মাটিৰ প্ৰলপেৰে দেৱীক প্ৰাণৱন্ত কৰি তুলিবলৈ সাজু মৃৎ শিল্পীসকল ৷

The potter is busy finishing the sculpture
ৰং তুলিকাৰে মূৰ্ত্তিক শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো একেই পৰিৱেশ ৷ ব্যস্ততাৰ যেন অন্ত নাই মৃৎ শিল্পীসকলৰ ৷ মূৰ্ত্তি নিৰ্মাণৰ বাবে বিভিন্ন পূজা কমিটিৰ সৈতে চুক্তিবদ্ধ মৃৎ শিল্পীসকলে নিৰৱচ্ছিন্ন ভাৱে নিৰ্মাণ কৰি গৈছে ইটোৰ পিছত আনটো মূৰ্ত্তি ৷ প্ৰতিমাত ৰং তুলিকাৰে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৰিগাঁৱৰ মৃৎ শিল্পীসকল ৷

লগতে পঢ়কঃ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.